NORTHEAST NOW (Assamese)
অসম

বাক্সাত মেঠোনৰ আক্ৰমণত পাঁচজন আহত, দুজনৰ অৱস্থা সংকটজনক

Posted by: শশাংক তালুকদাৰ Updated by: শশাংক তালুকদাৰ June 10, 2019 2:35 pm

বাক্সাৰ জনাঞ্চলত মেঠোনৰ মুক্ত বিচৰণ। মানাহৰ পৰা ওলাই অহা তিনিটা মেঠোনে আজি পুৱাৰ পৰাই অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰি আহিছে। মেঠোনৰ আক্ৰমণত শুকিলাপাৰ গাঁৱৰ চাৰিগৰাকীকৈ লোক আহত হয়।

আহতকেইজনক ক্ৰমে কালিচৰণ কলিতা(৫০), তৰণী কলিতা(৪৮), সনাতন কলিতা(৪০) আৰু ৰাজনাথ কলিতা বুলি চিনাক্ত কৰা হৈছে। আহতকেগৰাকীৰ মাজৰ তৰণী কলিতা আৰু কালিচৰণ কলিতাৰ অৱস্থা সংকটজনক হোৱাত বৰপেটা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

বাক্সাৰ শালবাৰীৰ সস্তৰ গাঁৱত এটা, শুকিলাপাৰত এটা আৰু বজালীৰ বতিয়ামাৰীত আন এটা মেঠোনে বাতৰি লিখা সময়লৈকে আশ্ৰয় লৈ আছে বুলি জানিব পৰা গৈছে। ইয়াৰে সস্তৰ গাঁৱৰ মেঠোনটোৰ আক্ৰমণত আহত হয় এগৰাকী বনকৰ্মী। অৱশ্যে বন বিভাগ আৰু মানাহ মাউজী গেন্দ্ৰী ইক’ ট্যুৰিজিম ছ’ছাইটিৰ সদস্যই ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয়।

আনহাতে ঘটনাস্থলীত মানাহৰ ভূঞাপাৰা আৰু বাঁহবাৰী ৰেঞ্জৰ বনকৰ্মী, আৰক্ষী আৰু চিআৰপিএফ বাহিনীৰ লোক উপস্থিত হৈ মেঠোন তিনিটাক মানাহৰ ঘন জংঘললৈ খেদি নিয়াৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।