NORTHEAST NOW (Assamese)
Popular Stories

বকোৰ উলংগ নৃত্য কাণ্ডৰ সৈতে জড়িত চাৰিজনক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 10, 2019 2:05 pm

ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা বকোত ঈদৰ সাংস্কৃতিক অনুষ্ঠানত শিল্পীক উলংগ নৃত্য প্ৰদৰ্শনৰ বাবে হেঁচা দিয়া ঘটনাৰ সৈতে জড়িত চাৰিজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ কৰা লোক দুজনক স্বাহৰুখ খান, ছুভাহান খান, নিজামুদ্দিন আৰু ৰহমত আলী বুলি চিনাক্ত কৰা হৈছে। আৰক্ষী সূত্ৰই জনোৱা মতে নৃত্যশিল্পীৰ দলটোয়ে থানাত এজাহাৰ দাখিল কৰাৰ পিছতে দেওবাৰে ছয়গাঁও আৰক্ষীয়ে স্বাহৰুখ আৰু ছুভাহানক গ্ৰেপ্তাৰ কৰিছিল।

পৰৱৰ্তী সময়ত ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপম হাজৰিকাৰ নেতৃত্বত আৰক্ষীৰ দলে দেওবাৰে গোটেই নিশা অভিযান চলাই আজি পুৱা আন দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক ঈদৰ সাংস্কৃতিক অনুষ্ঠানত শিল্পীক উলংগ নৃত্য প্ৰদৰ্শনৰ হেঁচা দিয়া ঘটনাত জড়িতক গ্ৰেপ্তাৰৰ ইংগিত হিমন্তৰ

উল্লেখযোগ্য যে ৭ জুনত বকোৰ আচলপাৰাত সংঘটিত উক্ত ঘটনাটোৱে ইতিমধ্যে ছ’চিয়েল মিডিয়াত যথেষ্ট আলোড়নৰ সৈতে চৰ্চাত থকা দেখা গৈছে।

দেওবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত “ইতিমধ্যে ঘটনাটো সন্দৰ্ভত মুখ্য মন্ত্ৰীয়ে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকৰ সৈতে কথা পাতিছে”, নিজেও আৰক্ষী অধীক্ষকজনৰ সৈতে কথা পতা বুলি জানিবলৈ দি অচিৰেই ঘটনাৰ সৈতে জড়িত “গুণ্ডা প্ৰকৃতিৰ” যুৱককেইজন গ্ৰেপ্তাৰ হ’ব বুলি কৈছিল।

এই সমগ্ৰ ঘটনাৰ সৈতে জড়িত বাকী সদস্যসকলক গ্ৰেপ্তাৰ কৰাৰ উদ্দেশ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জনায়।