NORTHEAST NOW (Assamese)
উত্তৰ-পূব

উত্তৰ-পূব বিহাৰৰ বিজেপি বিধায়কৰ বাবে এক্ট ইষ্ট পলিচিৰ নামত শাৰিৰীক ক্ষুধা নিবাৰণৰ দুৱাৰমুখ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 10, 2019 4:05 pm
bjp-mla-nanga

চৰকাৰীৰ কামত মণিপুৰলৈ অহা বিহাৰৰ বিধায়ক এগৰাকী মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তৰ সৈতে সংলগ্ন ম’ৰে চহৰত একাংশ কিশোৰীৰ সৈতে যৌন উত্তেজক নৃত্য উপভোগ কৰি থকা দৃশ্য কেমেৰাত বন্দী হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ইম্ফল টাইমছত প্ৰকাশিত বাতৰি অনুসৰি বিধায়কগৰাকীক সীমান্ত চহৰখনৰ ম্যানমাৰৰ দিশত অৱস্থিত এটা কোঠাত ছোৱালীকেইজনীৰ সৈতে নৃত্যত মচগুল হৈ থকা দেখা যায়।

বিহাৰ বিধানসভাৰ আভ্যন্তৰীণ সম্পদ তথা কেন্দ্ৰীয় সাহায্য বিষয়ক সমিতিৰ সদস্য বিধায়কগৰাকীয়ে বিগত সপ্তাহত মণিপুৰলৈ আহিছিল।

bjp-nanga
ফটো : ইম্ফল টাইমছৰ সৌজন্যত

উক্ত সমিতিখনত বিজেপি বিধায়ক শচীন প্ৰসাদ সিং, জে ডি (য়ু) বিধায়ক ৰাজ কুমাৰ ৰাই, আৰ জে ডি বিধায়ক শিৱচন্দ্ৰ ৰাম সদস্য হিচাপে আছে। দলটোক নেতৃত্ব দিছিল এগৰাকী আৰ জে ডি বিধায়ক যদুবংশ কুমাৰ যাদবে।

এই ৰাজনীতিক কেইজনে যোৱা ১ জুনত ম’ৰে ভ্ৰমণ কৰিছিল। তেওঁলোকে ভাৰত চৰকাৰৰ এক্ট ইষ্ট পলিচিৰ অধীনত ৰূপায়িত কামৰ পৰ্যালোচনা কৰিবলৈ সীমান্ত চহৰখনত উপস্থিত হৈছিল।

অৱশ্যে, প্ৰকৃত সত্যটো হ’ল যে ভ্ৰমণ তথা থকা খোৱাৰ বাবে বিহাৰৰ ৰাজ্যিক কোষাগাৰৰ ধন ব্যয় কৰি বিহাৰৰ পৰা মণিপুৰলৈ এক চৰকাৰী ভ্ৰমণসূচী লৈ অহা ৰাজনীতিক কেইজনে তেওঁলোকৰ আচল কামৰ পৰিৱৰ্তে নিকৃষ্ট কামত প্ৰবৃত্ত হোৱাহে দেখা পোৱা গ’ল।

তদুপৰি, বিহাৰৰ বিধায়ক কেইগৰাকীকো মণিপুৰ বিধানসভাৰ কৰ্মচাৰীয়েই পথ নিৰ্দেশনা দেখুৱাইছিল।

দেশখনৰ বিখ্যাত ৰাজনৈতিক নেতা এনেধৰণৰ বহু নিকৃষ্ট কাণ্ডত বহু বছৰৰ পৰা জড়িত হৈ আহিছে।