NORTHEAST NOW (Assamese)
অসম

হিমাচল প্ৰদেশত পাহাৰৰ পৰা বাহন বাগৰি সাত যাত্ৰী নিহত, ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 16, 2020 1:36 pm
himachal_accident_20091106

এক ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গ’ল পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশক।

যোৱা নিশা প্ৰায় ২.৩০ বজাত হিমাচল প্ৰদেশৰ মাণ্ডি অঞ্চলত সংঘটিত এই দুৰ্ঘটনাত নিহত হৈছে সাত জন যাত্ৰী।

ঘটনাৰ বিৱৰণী অনুসৰি মাণ্ডিৰ পালঘাট অঞ্চলৰ ছুকেটি খাদত এখন যাত্ৰীবাহী বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে।

পথৰ পৰা বহু ফুট তললৈ বাগৰি পৰা বাহন খনৰ ৬ গৰাকী যাত্ৰীৰ থিতাতে মৃত্যু ঘটাৰ লগতে আম এজন যাত্ৰীৰ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু ঘটে।

দুৰ্ঘটনাস্থলী অতি দুৰ্গম হোৱা বাবে উদ্ধাৰ অভিযানত কিছু পলম হয় বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দুৰ্ঘটনাটোত নিহতসকলৰ আত্মাৰ সদগতি কামনা কৰি এক শোক বাৰ্তা প্ৰেৰণ কৰিছে।

একেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও দুৰ্ঘটনাটোত নিহতসকলৰ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

কি কাৰণত দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই।

দুৰ্ঘটনাত নিহতসকলৰ পৰিচয়ো আৰক্ষীয়ে এতিয়ালৈকে ৰাজহুৱা কৰা নাই।