NORTHEAST NOW (Assamese)
অসম

দেশত হ্ৰাস পাইছে কৰ’নাৰ সংক্ৰমণ; যোৱা ২৪ ঘন্টাত চাৰিমাহৰ ভিতৰত আটাইতকৈ কম আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 16, 2020 1:56 pm
2-13-750x375

দেশত কৰ’নাৰ সংক্ৰমণ বহুখিনি হ্ৰাস পাইছে। বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈছে ৩০হাজাৰ ৫৪৮জন লোক।

আনহাতে, এই সময়ছোৱাত ৪৩৫জন লোকৰ মৃত্যু ঘটিছে। যোৱা ২৪ ঘন্টাৰ এই পৰিসংখ্যা যোৱা ৪ মাহৰ ভিতৰত সৰ্বনিম্ন।

নতুনকৈ হোৱা সংক্ৰমণ তথা মৃত্যুকে ধৰি দেশত মুঠ কৰ’না আক্ৰান্তৰ সংখ্যা ৮৮লাখ ৪৫হাজাৰ ১২৭জনলৈ বৃদ্ধি পালে।

সেইদৰে, মুঠ মৃত্যুৰ সংখ্যা ১লাখ ৩০হাজাৰ ৭০জনলৈ বৃদ্ধি পাইছে।

বৰ্তমান দেশত সক্ৰিয় কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৪লাখ ৬৫হাজাৰ ৪৭৮জন।

তদুপৰি, মাৰাত্মক কৰ’নাৰ পৰা সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা হৈছেগৈ ৮২লাখ ৪৯হাজাৰ ৫৭৯জন।

ইপিনে, যোৱা ২৪ ঘন্টাত ৪৩হাজাৰ ৮৫১জন লোক কৰ’নাৰ পৰা সুস্থ হৈ উঠিছে।

কোভিড-১৯ৰ ভেকচিন প্ৰস্তুত হৈ উঠাৰ আশা বৃদ্ধি পোৱাৰ সময়তে দেশত কৰ’না আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱাটো ভাল খৱৰ বুলিয়েই বিবেচিত হৈছে।

অৱশ্যে,শীতকালত কৰ’নাৰ সংক্ৰমণ বৃদ্ধিৰ পোৱাৰ আশংকা প্ৰকাশ কৰি আহিছে স্বাস্থ্য বিশেষজ্ঞসকলে।