NORTHEAST NOW (Assamese)
অসম

আঠ বছৰ পাকিস্তানৰ জে’লত কটাই ঘৰলৈ উভতি আহিল উত্তৰ প্ৰদেশৰ বৃদ্ধ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 16, 2020 1:08 pm
a pakkkkk

সুদীৰ্ঘ আঠ বছৰ পাকিস্তানৰ কাৰাগাৰত কটাই স্ব-গৃহলৈ উভতি আহিবলৈ সক্ষম হৈছে ভাৰতৰ এগৰাকী বৃদ্ধ।

উত্তৰ প্ৰদেশৰ কানপুৰৰ সমীপৱৰ্তী এখন গাঁৰ বাসিন্দা ৭০ বছৰীয়া ছামচুদ্দিন নামৰ লোক জনক পাকিস্তানে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত বন্দী কৰিছিল।

পেছাত জোতা চিলোৱাৰ কাম কৰা ছামচুদ্দিনে ভুলতে পাক-ভাৰত সীমান্তত উপস্থিত হোৱাৰ পিছতে পাক সেনাই লোক জনক সীমান্তৰ পৰা বন্দী কৰি লৈ গৈছিল. ইয়াৰ পিছতে পাকিস্তানৰ আদালতে বৃদ্ধ ছামচুদ্দিনক দোষী সাৱস্ত্য কৰি ৮ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছিল।

ইতিমধ্যে লোক জনৰ কাৰাদণ্ডৰ ম্যাদ উকলি যোৱাত ২৬ অক্টোৱৰৰ দিনা তেওঁক ৱাঘা সীমান্তৰে ভাৰতলৈ প্ৰেৰণ কৰা হয়।

ৱাঘাত উপস্থিত হোৱাৰ পিছতে তেওঁঁক অমৃতসৰৰ কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখা হয় আৰু কালি তেওঁ আহি উত্তৰ প্ৰদেশত থকা নিজৰ বাসভৱনত উপস্থিত হয়।

দিপাৱলীৰ সময়তে  এনেদৰে লোকজনে নিজৰ ঘৰলৈ উভতি আহিবলৈ সক্ষম হোৱাত এতিয়া স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে অঞ্চলটোৰ বাসিন্দাসকল।

উল্লেখ্য ইয়াৰ পূৰ্বেও ওড়িশাৰ বিৰজু কুলুৰ নামৰ বৃদ্ধ গৰাকীয়ে পাকিস্থানৰ লাহোৰৰ কাৰাগাৰত ২০ বছৰ কটাই নিজ গৃহলৈ উভতি আহিছিল।

বিৰজু কুলুৰ নামৰ বৃদ্ধ গৰাকীকো পাকিস্তানে দেশ খনৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছিল।