NORTHEAST NOW (Assamese)
Popular Stories

আত্মশ্লাঘা! ফাইনেলত অষ্ট্ৰেলিয়া ৪৫০/২, ভাৰত ৬৫ৰানত অল আউট; ভৱিষ্যদ্বাণী মিচেল মাৰ্ছৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 18, 2023 9:07 am

অষ্ট্ৰেলিয়াৰ বেটছমেন মিচেল মাৰ্ছে বিশ্বকাপৰ ফাইনেল খেল সন্দৰ্ভত ভৱিষ্যদ্বাণী কৰিছিল। ভাৰতৰ বিৰুদ্ধে খেলিবলৈ নমাৰ পূৰ্বে তেওঁ কৈছিল যে তেওঁৰ দেশে নিৰ্ধাৰিত ৫০ অভাৰত ৪৫০ ৰান সংগ্ৰহ কৰিব। তাৰ বাবে মাত্ৰ দুটা উইকেটহে হেৰুৱাব। 

আনহাতে, ৰোহিত শৰ্মাৰ দলটোৱে প্ৰত্যুত্তৰত মাত্ৰ ৬৫ ৰানতে ইনিংছ সামৰিব। মাৰ্ছে লগতে দাবী কৰে যে তেওঁৰ দেশ অপ্ৰতিৰোধ্য, তেওঁলোকে ভাৰতক পৰাস্ত কৰিব। শেহতীয়া আই পি এলৰ সময়ত এই ভ ৱিষ্যদ্বাণী কৰিছিল মাৰ্ছি। সেইটো সম্প্ৰতি ভাইৰেল হৈ পৰিছে। 

দেওবাৰে আহমেদাবাদত অনুষ্ঠিত হ’বলগীয়া ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব ৰোহিত-কোহলি বাহিনী। বিশ্বকাপৰ প্ৰথম ৰাউণ্ডত ভাৰতৰ হাতত ৬ উইকেটৰ বিপুল ব্যৱধানত পৰাস্ত হয় অষ্ট্ৰেলিয়া।

লগতে পঢ়কঃ ODI World Cup 2023: ফাইনেলৰ পিটচ কেনেকুৱা? ভালদৰে চাই ল’লে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই

কিন্তু মাৰ্ছে প্ৰথমে কি হৈছিল সেই কথা মনত পেলাবলৈ অনিচ্ছুক। তেওঁ ভাৰতক ফাইনেলত পৰাজিতৰ তালিকাত স্থান দিছে।

ইপিনে, মাৰ্ছৰ এই ভৱিষ্যদ্বাণীক লৈ ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰগৰাকীৰ মতিভ্ৰম হোৱা বুলিহে ধৰি লৈছে। পৰাজয় সহ্য কৰিব নোৱাৰি অষ্ট্ৰেলিয়াৰ খেলুৱৈগৰাকী আত্মপ্ৰশংসাত মজি থকা বুলিহে ধাৰণা ভাৰতীয় নেটিজেনৰ। কিয়নো এই টীম ইণ্ডিয়াৰ বিজয়ৰ অশ্বমেধ ঘোঁৰা ৰুদ্ধ কৰিব পৰাকৈ অষ্ট্ৰেলিয়া ইমান শক্তিশালী নহয় বুলিয়েই দাবী ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ।