NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 24, 2021 9:33 am
32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ, অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ বহু জনপ্ৰিয় নাটকৰ স্ৰষ্টা সেৱাব্ৰত বৰুৱাৰ দেওবাৰে গুৱাহাটী মেডিকেল কলেজ ও হাস্পাতালত পৰলোকপ্ৰাপ্তি ঘটে।

যোৱা কেইদিনমান ধৰি গুৰুতৰভাৱে অসুস্থ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন হৈ আছিল ভ্ৰাম্যমান নাট্য জগতৰ জনপ্ৰিয় নাট্যকাৰগৰাকী।

বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ হাস্পাতালত চিকিৎসাধীন হৈ আছিল নাট্যকাৰ গৰাকী।

উল্লেখযোগ্য যে, বিগত বৰ্ষৰ শেষৰফালে মগজুৰ এক অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল বৰুৱাৰ আৰু পৰৱৰ্তী সময়ত তেওঁ ঘৰলৈ উভতি যোৱাৰ পাছত পুনৰ অসুস্থ হৈ পৰাত চিকিৎসকৰ পৰামৰ্শ অনুসৰি স্বাস্থ্য পৰীক্ষা কৰোৱাত বৃক্ক বিকল হোৱাৰ কথা ধৰা পৰিছিল।

অতি সংকটজনক অৱস্থাত ভেণ্টিলেটৰত চিকিৎসাধীন হৈ থকা নাট্যকাৰ গৰাকীয়ে অৱশেষত দেওবাৰে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়।

বিশিষ্ট নাট্যকাৰ গৰাকীৰ পৰলোকপ্ৰাপ্তিত অসমৰ ভ্ৰাম্যমান জগতত শোকৰ ছাঁ পৰিছে। ‘দণ্ডনায়ক’, ‘কিয় এনে হয়’ৰ দৰে জনপ্ৰিয় নাটকৰ স্ৰষ্টাগৰাকীৰ মৃত্যুত তেওঁৰ জন্মস্থান বিহপুৰীয়াকে ধৰি সমগ্ৰ ৰাজ্যখনৰে অনুৰাগীসকল শোকস্তব্ধ হৈ পৰিছে।

আনহাতে, বিশিষ্ট নাট্যকাৰগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও গভীৰ শোক প্ৰকাশ কৰিছে।

সেইদৰে অসম নাট্য সন্মিলনৰ প্ৰাক্তন উপ-সভাপতি তথা বৰ্তমানৰ উপদেষ্টা সেৱাব্ৰত বৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম নাট্য সন্মিলনে।