নাগালেণ্ডৰ বাবে সুকীয়া সংবিধান আৰু পতাকাৰ দাবী স্পষ্ট ভাষাৰে নাকচ কেন্দ্ৰীয় চৰকাৰৰ

নাগালেণ্ডৰ বাবে এখন সুকীয়া সংবিধান আৰু পৃথক পতাকা বিচাৰি নাগা উগ্ৰপন্থী সংগঠন এন আছ চি এনে (আই এম) কৰি অহা দাবী নাকচ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে।
কেন্দ্ৰ চৰকাৰে চলিত বৰ্ষতে বিদ্ৰোহী সংগঠনটোৰ সৈতে শান্তি আলোচনাৰ সমাপ্তি ঘটাই এখন চুক্তিত স্বাক্ষৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
উল্লেখযোগ্য যে, এন এছ চি এন (আই এম) আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ১৯৯৭ চনৰ পৰাই শান্তি আলোচনা অব্যাহত আছে।
১৬ আগষ্টত নাগালেণ্ডৰ নাগৰিক সমাজ আৰু গোটসমূহৰ প্ৰতিনিধিসকল উপস্থিত থকা এখন সম্বৰ্ধনা সভাত নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিয়ে এন এছ চি এন(আই এম)ৰ নাগালেণ্ডৰ বাবে পৃথক সংবিধান আৰু পতাকাৰ দাবীক কেন্দ্ৰীয় চৰকাৰে নাকচ কৰাৰ কথা ঘোষণা কৰিছিল।
উল্লেখযোগ্য যে, বৰ্তমান কেন্দ্ৰীয় চৰকাৰ আৰু এন এছ চি এন(আই এম)ৰ মাজত চলি থকা শান্তি আলোচনা অন্তিম পৰ্যায়ত উপনীত হৈছে।
নাগালেণ্ডৰ স্থানীয় নাগৰিক সমাজ তথা অন্যান্য দল-সংগঠনসমূহে এন এছ চি এন (আই এম)ক ভাৰত চৰকাৰৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছে আৰু সংবিধানৰ গণ্ডীৰ ভিতৰত গণতান্ত্ৰিকভাৱে তেওঁলোকক নাগা সকলৰ অধিকাৰৰ বাবে আন্দোলন কৰি যাবৰ বাবে কয়।