NORTHEAST NOW (Assamese)
অসম

ৰংজুলিৰ খেতিপথাৰত বনৰীয়া হাতীৰ ধাৰাবাহিক উপদ্ৰৱত অসহায় কৃষক

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা September 13, 2019 10:12 am
Wild Wlwphant

ৰংজুলিৰ ধনুভাঙাত খেতিপথাৰত বনৰীয়া হাতীৰ ধাৰাবাহিক উপদ্ৰৱে চিন্তিত কৰি তুলিছে অঞ্চলটোৰ খেতিয়কসকলক।

ধনুভাঙা অঞ্চলত ধাৰাবাহিকভাৱে বনৰীয়া হাতীৰ বৃহৎ জাক এটাই সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।

খাদ্যৰ সন্ধানত বনাঞ্চল এৰি গাঁৱত প্ৰৱেশ কৰা বনৰীয়া হাতীৰ জাকটোৱে এফালৰ পৰা পথাৰৰ শস্য খাই, নষ্ট কৰি তহিলং কৰাত মুৰে-কপালে হাত দিব লগা হৈছে কৃষকসকল।

বৃহস্পতিবাৰেও হাতীৰ জাকটোৱে ধনুভাঙাৰ পথাৰত কেইবাগৰাকীও খেতিয়কৰ পথাৰত উপদ্ৰৱ চলাই শস্যৰ বিস্তৰ ক্ষতিসাধন কৰে।

প্ৰতিবছৰে পথাৰত ধান ওলোৱাৰ সময়ত এনেদৰে বনাঞ্চলৰ পৰা নমি অহা হাতীৰ জাকৰ উপদ্ৰপৰ বাবে অঞ্চলটোৰ বহু খেতিয়কে খেতি কৰিবলৈ বাদ দিছে বুলি জানিব পৰা গৈছে।

খেতিয়কে বনৰীয়া হাতীৰ তাণ্ডৱৰ বাবে খেতি কৰিবলৈ বাদ দিয়াৰ ফলত এতিয়া শ শ বিঘা উৰ্বৰ কৃষি ভূমি ছন পৰি থাকিবলগীয়া হৈছে।

অঞ্চলটোৰ খেতিয়ক সকলে দীৰ্ঘদিনৰ পৰা বন বিভাগক এই সম্পৰ্কে জনাই অহাৰ পিছতো বিভাগটোৰ তৰফৰ পৰা কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত হতাশ হৈ পৰিছে স্থানীয় ৰাইজ।

আনহাতে, অঞ্চলটোৰ পৰা শীঘ্ৰে বনৰীয়া হাতীৰ উপদ্ৰৱৰ সমস্যা লাঘৱ কৰাৰ বাবে চৰকাৰ আৰু বন বিভাগক প্ৰয়োজনীয় কাৰ্য্যব্যৱস্থা হাতত লোৱাৰ বাবে সংবাদ মাধ্যমৰ দ্বাৰা পুনৰ অনুৰোধ জনাইছে ৰংজুলিৰ ৰাইজে।