NORTHEAST NOW (Assamese)
অসম

কলেজত নামভৰ্তিৰ মাচুল নিৰ্দিষ্ট কৰি নিৰ্দেশ অসম চৰকাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 10, 2019 4:07 pm
College admission: Assam govt starts 'Uniform fee structure for 2019-20'

অসমৰ মহাবিদ্যালয়ত বিনামূলীয়া নামভৰ্তিৰ বহুচৰ্চিত আঁচনিখনৰ নীৰৱ প্ৰস্থানৰ পিছত শিক্ষা বিভাগে এইবাৰ উচ্চতৰ মাধ্যমিক আৰু স্নাতক শ্ৰেণীৰ চলিত নামভৰ্তিৰ মাচুল নিৰ্দিষ্ট কৰি দিছে।

ৰাজ্যৰ সকলো প্ৰাদেশীকৃত/ চৰকাৰী মহাবিদ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য এই নিৰ্দেশনাই ব্যক্তিগত বিদ্যালয়-মহাবিদ্যালয়সমূহক সাঙুৰি লোৱা নাই।

মহাবিদ্যালয়সমূহে চৰকাৰে নিৰ্দিষ্ট কৰি দিয়াতকৈ কম মাচুল ল’ব পাৰিব, কিন্তু বেছিকৈ ল’ব ল’ব নোৱাৰিব।

যোৱা ৪জুনত অসমৰ উচ্চ শিক্ষা সঞ্চালকে ৰাজ্যৰ সকলো প্ৰাদেশীকৃত/ চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষলৈ এই “সম মাচুল ২০১৯-২০” বিষয়ক পত্ৰ (No. PC/ HE/ Plan-24/ 2012/186) প্ৰেৰণ কৰিছে।

মহাবিদ্যালয়সমূহক মেত্ৰ’ (মহানগৰ), আৰ্বান (নগৰ) আৰু ৰুৰেল (গাওঁ) তিনি ভাগত ভগোৱা হৈছে। তাৰোপৰি লিংগ আৰু বিষয় (কলা, বিজ্ঞান, বাণিজ্য)ৰ ভিত্তিতো মাচুল নিৰ্দিষ্ট কৰি দিয়া হৈছে।

এই নিৰ্দিষ্ট মাচুলত নামভৰ্তি, টিউচন ফীজৰ পৰা আৰম্ভ কৰি লেবৰে’টৰি, আলোচনী, ছাত্ৰ একতা সভালৈকে সকলো মাচুল অন্তৰ্ভুক্ত হৈ আছে।

ইয়াত ক্লিক কৰিও মাচুলৰ সম্পূৰ্ণ তালিকা চাব পাৰে

কলেজসমূহে কেৱল স্থানীয় নিগম, নিকায়সমূহৰ কৰ এই মাচুলৰ সৈতে অতিৰিক্তভাৱে যোগ কৰিব পাৰিব।