NORTHEAST NOW (Assamese)

চৰাইদেউত দিব্যাংগ যুৱকক প্ৰহাৰ কৰিলে আৰক্ষী বিষয়াই

November 25, 2017 10:51 am · এন ই নাও নিউজ ব্যুৰো, সোণাৰি :
ভুক্তভোগী ব্যক্তিজন।

চৰাইদেউ জিলাৰ চফ্ৰাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পুষ্পকমল বৰুৱাৰ ওপৰত দিব্যাংগ যুবকক প্ৰহাৰৰ অভিযোগ উঠিছে। অভিযোগমতে, সামান্য অজুহাততে এইজন আৰক্ষী বিষয়াই চফ্ৰাই মোহন গাঁৱৰ নিবাসী দিব্যাংগ যুৱক বাবলু ৰোহিত দাসক নিৰ্মমভাৱে প্ৰহাৰ কৰি বাসগৃহৰ পৰা উঠাই আনি শুক্ৰবাৰে পুৱতি নিশা এৰি দিয়ে বুলি জানিব পৰা গৈছে। ঘটনাটোত বৰ্তমানেও চৰাইদেউ  জিলাত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। এই সন্দৰ্ভত স্থানীয় ৰাইজে জিলা আৰক্ষী অধীক্ষকক অৱগত কৰাৰ লগতে অভিযুক্ত আৰক্ষী বিষয়া পুষ্পকমল বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। ক্ষুভিত ৰাইজক অধীক্ষকজনে অভিযুক্ত আৰক্ষী বিষয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে।

Related News