NORTHEAST NOW (Assamese)

চৰাইদেউৰ মৈদামত ৰাজ্যপালৰ কনভয় প্ৰৱেশকলৈ তীব্র প্রতিক্রিয়া

June 28, 2018 12:11 pm · এন ই নাও নিউজ
চৰাইদেও মৈদামত উঠিল ৰাজ্যপালৰ কনভয়।

ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে বুধবাৰে বৃহৎ কনভয় লৈ চৰাইদেউৰ পৱিত্র মৈদাম ক্ষেত্রত প্রৱেশ কৰা ঘটনাই সর্বত্রে তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে।  ৰাজ্যখনৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ঐতিহাসিক চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে গঢ়ি তোলাৰ প্রচেষ্টাতো যেন ই মোক্ষম আঘাত হানিলে।

বাতৰি অনুসৰি, ৰাজ্যপালগৰাকীয়ে তিনিদিনীয়া শিৱসাগৰ ভ্রমণৰ মাজতে বুধবাৰে নৱগঠিত চৰাইদেউ জিলাত বিভিন্ন কার্যসূচী লৈ দিনৰ ১২-৩০ মান বজাত প্রথমতে জিলাখনৰ প্রৱেশদ্বাৰত থকা মুখ্য স্থান পৱিত্র চৰাইদেউ মৈদাম ক্ষেত্র পৰিদর্শন কৰাৰ বাবে জিলা প্রশাসনৰ সহযোগত মৈদাম ক্ষেত্র দিশে আগবাঢ়ে। ৰাজ্যপালগৰাকীয়ে সকলো নীতি-আদর্শ মোহাৰি পৱিত্র মৈদাম ক্ষেত্রত বৃহৎ কনভয় লৈ প্রৱেশ কৰাত সকলোৰে মাজত তীব্র প্রতিক্রিয়া সৃষ্টি হয়।

উল্লেখযোগ্য যে পৱিত্র মৈদাম ক্ষেত্রত প্রৱেশ কৰাৰ বাবে যি দুখন প্রৱেশদ্বাৰ আছে সেই প্ৰৱেশদ্বাৰেদি এতিয়ালৈকে কোনোৱে গাড়ী লৈ প্রৱেশ কৰাৰ নজিৰ নাই।

আটাছুৰ শিৱসাগৰ জিলা সমিতিয়ে ৰাজ্যখনৰ মুৰব্বী গৰাকীৰ এনে কাণ্ডক তীব্র ভাষাৰে গৰিহণা দিছে। এই ক্ষেত্রত সংগঠনটোৱে জিলাখনৰ মুৰব্বী উপায়ুক্তজনকো দোষাৰোপ কৰিছে। উপায়ুক্তজনে মৈদামক্ষেত্রৰ পৱিত্ৰতাৰ বিষয়ে ৰাজ্যপালজনক অৱগত নকৰাৰ অভিযোগ উত্থাপিত হৈছে।

আনহাতে, আটাছুৱে এই কার্যৰ বিৰুদ্ধে মুখ্যমন্ত্রীক বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে।

ৰাজ্যপালগৰাকীৰ এনে কাণ্ডজ্ঞানহীন কার্যৰ বাবে টাইপাৰ কার্যকৰী সভাপতি লোহিত গগৈয়েও তীব্র প্রতিক্রিয়া প্রকাশ কৰি কয় যে চৰকাৰখনে পৱিত্র মৈদাম ক্ষেত্রক বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈ যি ভ্রমণসূচীৰে ৰাজ্যপালজন চৰাইদেউলৈ আহিছে তাক টাইপাই আদৰণি জনাইছে যদিও ৰাজ্যপালজনৰ এনে কার্যত তেওঁলোকে গভীৰ দুখ প্রকাশ কৰিছে।

টাইপাই ভৱিষ্যতে যাতে এনে কার্য সংঘটিত নহয় তাৰ বাবে সকীয়াই দিয়ে।

Related News