NORTHEAST NOW (Assamese)
অসম

ছবছৰে দৰমহাৰ মুখ নেদেখাকৈ পত্নী আৰু কণমানি কন্যাক এৰি অকালতে চকু মুদিলে শিৱসাগৰৰ শিক্ষকে

Posted by: ৰাজীৱ দত্ত February 27, 2018 8:02 pm

ছবছৰে দৰমহাৰ মুখ নেদেখাকৈ পত্নী আৰু কণমানি কন্যাক এৰি অকালতে চকু মুদিলে শিৱসাগৰৰ ৰবীন বৰুৱা নামৰ এজন শিক্ষকে।

ডিব্ৰুগড়ৰ এখন বেচৰকাৰী চিকিৎসালয়ত যোৱা বহুদিন ধৰি বহুমূত্ৰ ৰোগৰ বাবে চিকিৎসাধীন হৈ থকা বৰুৱাৰ সোমবাৰে মৃত্যু হয়।

লাহিঙীয়া মাথাদাং প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা অঞ্চলটোৰ জনপ্ৰিয় সাংস্কৃতিক কৰ্মী বৰুৱাই যোৱা ছয় বছৰে কোনো দৰ্মহা পোৱা নাছিল।

জানিব পৰা মতে শিৱসাগৰ জিলাত সৰ্বমুঠ ১৫৩০ গৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে যোৱা ছবছৰ ধৰি বিনা দৰ্মহাই সেৱা আগবঢ়াই আহিছে।

সূত্ৰ অনুসৰি পূৰ্বে এইসকল শিক্ষকে দৰমহা লাভ কৰিছিল যদিও যোৱা সময়চোৱাত তেওঁলোকৰ বেতনক লৈ খেলিমেলিৰ সৃষ্টি হয়। কিন্তু চৰকাৰে এতিয়ালৈকে তেওঁলোকক সেৱাৰ পৰা অব্যাহতিও দিয়া নাই আৰু ফলত দৰমহা নোপোৱা বহু শিক্ষকে বাচি থকাৰ বাবে হাজিৰা কামো কৰিব লগা হৈছে।

গৌৰীসাগৰৰ ভাটিয়াপাৰা গাঁৱৰ বাসিন্দা শিক্ষকজনৰ অকাল মৃত্যুত এলেকাটোত শোকৰ ছাঁ পৰিছে। ৰুদ্ৰসাগৰ শাখা সাহিত্য সভা, মটক সন্মিলন, মায়ামৰা সমাজকে আদি কৰি বিভিন্ন দল-সংগঠনে শিক্ষকজনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।