NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰৰ ছুপাৰি চুৰিকাণ্ডত জড়িত ৫ জনক গ্ৰেপ্তাৰ; পলাতক আন বহুকেইজন

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক November 3, 2019 9:37 pm

কোকৰাঝাৰৰ ছুপাৰি চুৰিকাণ্ডৰ সৈতে জড়িত থকা ৫ গৰাকী ব্যক্তিক তামুলপুৰ আৰক্ষীয়ে আটক কৰি আজি জে’ললৈ প্ৰেৰণ কৰিছে।

উল্লেখযোগ্য যে যোৱা ৩১ অক্টোবৰত কোকৰাঝাৰ জিলাৰ চেৰফাংগুৰীত ছুপাৰি ভৰ্তি এখন ট্ৰাক হাইজেক কৰি চোৰৰ দলে ৩২০টা ছুপাৰিৰ বস্তা চুৰি কৰিছিল।

ইয়াৰ পিছতে বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ডিমিলাপাৰ আৰু শালমাৰা গাঁৱত তামুলপুৰ আৰক্ষীয়ে শনিবাৰে অভিযান চলাই চুৰি হোৱা ছুপাৰিৰ বস্তা উদ্ধাৰ কৰে।

লগতে পঢ়ক তামুলপুৰ আৰক্ষীৰ সাফল্য; ট্ৰাক হাইজেক কৰি চুৰি কৰা বৃহৎ পৰিমাণৰ ছুপাৰি উদ্ধাৰ

গ্ৰেপ্তাৰ হোৱা অভিযুক্ত ব্যক্তি কেইগৰাকী হৈছে তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ডিমিলাপাৰ গাঁৱৰ যোগেশ কলিতা, প্ৰাণজিত দাস, কুমুদ কলিতা, শালমাৰা গাঁৱৰ আশ্রফ আলি আৰু নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত দুই নং বগৰীখুটি গাঁৱৰ দিলীপ ৰয়।

উদ্ধাৰ কৰা ছুপৰিৰ বস্তাসমূহ

ইতিমধ্যে ধৃত ব্যক্তিকেইজনক তামুলপুৰ আৰক্ষীয়ে বাক্সা জিলা সদৰ মুছলপুৰৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাই পিছত জে’ল হাজোতলৈ প্ৰেৰণ কৰে।

আৰক্ষীৰ মতে তামুলপুৰৰ ডিমিলাপাৰ গাঁৱৰে প্ৰাণজিত নম দাস নামৰ আন এজন যুৱক এই চুৰিকাণ্ডৰ লগত জড়িত আছে। উক্ত যুৱকজনেই ছুপাৰিখিনি  যোগেশ কলিতাৰ ঘৰৰ পুখুৰী, প্ৰাণজিত দাসৰ ৰাইছ মিল, আশ্রফ আলী আৰু দিলীপ ৰয়ৰ ঘৰৰ গুদামত লুকুৱাই ৰাখিছিল।

অৱশ্য আৰক্ষীয়ে এই পৰ্যন্ত উক্ত যুৱকজনক আটক কৰিবলৈ সক্ষম হোৱা নাই। তেওঁৰ উপৰি এই বৃহৎ অপৰাধী চক্ৰটোৰ লগত প্ৰায় ৩০-৪০ গৰাকী লোক জড়িত থাকিব পাৰে বুলিও আৰক্ষীয়ে সন্দেহ কৰিছে।