NORTHEAST NOW (Assamese)
অসম

ছাত্ৰ-ছাত্ৰীসকলে নিজৰ সপোন বাস্তৱত ৰূপ দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিবঃ প্ৰাক্তন মুখ্যমন্ত্ৰী প্রফুল্ল মহন্ত

Posted by: মিন্টূ দাস June 14, 2018 10:11 am

নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ এলেকাধীন কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ লগতে নগাঁৱৰ স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে  নগাঁও চহৰৰ জিলা পুথিভঁ‌ড়ালত বুধবাৰে এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়।

‘বিশিষ্ট সাহিত্যিক, সুলেখিকা পদ্মশ্ৰী ড° জয়শ্ৰী গোস্বামী মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই কয়- কৃতী ছাত্ৰ-ছাত্ৰীসকলক দেশৰ নাগৰিক হিচাবে গঢ়ি তোলাৰ ক্ষেত্ৰত উৎসাহিত কৰিবৰ কাৰণে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

আজিৰ এই ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যতে ভাল মানুহ হিচাপে নিজকে গঢ়ি তুলি ঘৰখনৰ লগতে সমাজখনলৈ আনন্দ কঢ়িয়াই আনিব লাগিব বুলি উল্লেখ কৰি মহন্তই কয় যে ‘’ছাত্ৰ-ছাত্ৰীসকলে নিজৰ সপোন বাস্তৱত ৰূপ দিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। সেয়ে আমি সফলতা লাভ কৰিবলৈ একাগ্ৰতা আৰু কঠোৰ শ্ৰম কৰিব লাগিব।‘’

অভিনন্দন সভাখনত উপস্থিত থাকি নগাঁও জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় যে ছাত্ৰ-ছাত্ৰীয়ে বিশেষ সফলতা লাভ কৰাৰ পিছত একাংশ সমাজৰ পৰা হেৰাই যোৱা দেখা যায়। আজিৰ এই কৃতী ছাত্ৰ-ছাত্ৰী সকল যাতে ভৱিষ্যতে সমাজৰ পৰা হেৰাই নাযায় তাৰ বাবে তেওঁলোকে পদক্ষেপ লোৱা উচিত।

বৰ্তমান সময়টো প্ৰতিযোগিতাৰ যুগ বুলি উল্লেখ কৰি পেগুৱে কয়, ‘’আমাৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতাৰ পৃথিৱীত আগবাঢ়ি যাব লাগিব।‘’ নিজৰ কেৰিয়াৰ বাচনি কৰাৰ ক্ষেত্ৰত যদি ভুল কৰে তেনেহ’লে ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যতে পস্তাব লাগিব বুলিও তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

সভাত উপস্থিত থাকি নগাঁও জিলা আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে কয় যে বৰ্তমান নগাঁও শিক্ষাৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি উঠাটো অতি গুৰুত্বপূৰ্ণ বিষয়। নগাঁৱৰ ফলাফল বহুত উন্নত বুলি উল্লেখ কৰি ছাত্র-ছাত্ৰীসকলে ক্ৰোধ আৰু অহংকাৰ ত্যাগ কৰি শ্ৰদ্ধা, ভক্তি ৰাখি সফলতাৰ দিশত আগবঢ়া উচিত বুলি মন্তব্য কৰে‌।

আনহাতে, নগাঁও সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল নেওগে কয় যে ২০১৮ চনটো অবিভক্ত নগাঁও জিলাৰ কাৰণে সাফল্যৰ বছৰ। এই বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শাখাত ১৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰিছে। এনেক্ষেত্ৰত আমাৰ ছাত্ৰ-ছাত্ৰীসকলক নৈতিক চৰিত্ৰ গঠনৰ বাবে অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে নৈতিক শিক্ষা দিয়াত গুৰুত্ব আৰোপ কৰিব লাগে বুলি মন্তব্য কৰে।

অগপ নগাঁও জিলা সমিতিৰ সম্পাদক নিৰঞ্জন বৰা আৰু অগপ কৰ্মী গোলাপ শইকীয়াই আঁ‌ত ধৰা সভাখনত কনচেপ্ত জুনিয়ৰ কলেজৰ অধ্যক্ষ ভৱানন্দ বৰা, সমাজকৰ্মী দীপক সৰকাৰ, কলাইগাঁৱৰ প্ৰাক্তন বিধায়ক মকুন্দ মাধৱ চৌধুৰী আদিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে পৰামৰ্শমূলক ভাষণ দিয়ে।

বঢ়মপুৰ সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিশেষ তৎপৰতাত অনুষ্ঠিত হোৱা অভিনন্দন অনুষ্ঠানত বঢ়মপুৰ সমষ্টিৰ মুঠ ৯৫৮ গৰাকী ছাত্ৰ-ছাত্ৰীক গামোচা, ফুলৰ থোপা, মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে অভিনন্দন জনোৱা হয়। সভাত কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱক, বিভিন্ন বিদ্যালয়ৰ প্ৰধান সকলৰ উপৰি বহু কেইগৰাকী শিক্ষাবিদ, সমাজকৰ্মী, অগপ দলৰ নগাঁও জিলাৰ সভাপতি অতুল মেধিকে ধৰি কৰ্মকতাসকল উপস্থিত থাকে। সভাৰ আৰম্ভণিতে নিতুমণি হাজৰিকাৰ পৰিচালনাত সমবেত সংগীত পৰিবেশন কৰে স্থানীয় শিল্পীসকলে।