NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ এ চি এ আৰু বক্সাৰ অংকুশিতাই আগবঢ়ালে সাহায্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 7, 2020 11:36 am
Untitled

ভয়াবহ ৰূপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ অসম ক্ৰিকেট সন্থাই ৰাজ্য চৰকাৰৰ অসম আৰোগ্য নিধি ফাণ্ডলৈ ৫০ লাখ টকা বৰঙণি আগবঢ়োৱাৰ কথা সদৰি কৰে।

আৰ্থিকভাৱে সহায় কৰাৰ পূৰ্বে অসম ক্ৰিকেট সন্থাই বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামখনক কোৱাৰেণ্টান শিবিৰ কৰিবলৈ ৰাজ্য চৰকাৰক সন্মতি প্ৰদান কৰিছিল।

সন্থাৰ সভাপতি আৰু সম্পাদকে এক বিবৃতিৰ জৰিয়তে মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ আৰু অসম আৰোগ্য নিধিৰ বাবে ২৫ লাখ টকা প্ৰদান কৰাৰ কথা সদৰি কৰে।

আনহাতে অসমৰ প্ৰতিভাৱান মহিলা বক্সাৰ অংকুশিতা বড়োৱেও অসম চৰকাৰৰ এই আহ্বানৰ প্ৰতি সহাৰি জনাই ক’ৰ’না বিৰোধী যুঁজখনত সহায় আগবঢ়াইছে।

সোমবাৰে বক্সাৰ গৰাকীয়ে ৰাজ্য চৰকাৰৰ অসম আৰোগ্য নিধি সাহায্য পুঁজিলৈ ২০,০০১ টকা আগবঢ়াইছে।

উল্লেখ্য যে, ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ ৰাজ্য চৰকাৰে অসমৰ জনসাধাৰণক এই সাহায্য পুঁজিৰ জৰিয়তে সহায় আগবঢ়াবলৈ আহ্বান জনাইছিল।

ৰাজ্য চৰকাৰৰ এই আহ্বানৰ প্ৰতি সহাৰি জনাই এই পৰ্যন্ত ৰাজ্যখনৰ ৮ হাজাৰৰো অধিক লোকে আৰ্থিক সাহায্য আগবঢ়োৱা বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়।