NORTHEAST NOW (Assamese)
অসম

আমাৰ বাবে প্ৰথমতে দেশ : ডোনাল্ড ট্ৰাম্পক মোদী চৰকাৰৰ প্ৰত্যুত্তৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 7, 2020 12:13 pm
modi_trump55_1566439211_1586236906_618x347 new

কৰ’না ভাইৰাছ মহামাৰীত আক্ৰান্ত দেশসমূহ এতিয়া এই ৰোগৰ চিকিৎসাকলৈ চিন্তিত। কৰ’না ভাইৰাছে কঁকাল ভাঙি দিয়া আমেৰিকাই সংকটৰ সময়ত ভাৰতৰ পৰা সহায় বিচাৰিছে।

সেয়া বাৰু ঠিকেই আছে, কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ধমকিৰ সুৰত ভাৰতক সকীয়াই দিলে কিয়?

হাইড্ৰ’ক্সিক্লৰ’কুইন ঔষধক লৈ হোৱা বিবাদৰ মাজতে ভাৰতৰ বিদেশ মন্ত্ৰ্যালয়ে প্ৰত্যুত্তৰ দি কৈছে যে ভাৰতত ইয়াৰ প্ৰয়োজন আৰু ষ্টক পৰীক্ষা কৰি চোৱা হ’ব আৰু তাৰ পাছত সৰ্বাধিক আক্ৰান্ত দেশক সহায় কৰা হ’ব।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ মন্তব্যৰ পাছত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে এক বিবৃতি জাৰি কৰে।

বিদেশ মন্ত্ৰ্যালয়ে কৈছে: ‘’আমাৰ প্ৰাথমিকতা হৈছে প্ৰয়োজনীয় ঔষধৰ ষ্টক দেশত পৰ্যাপ্ত থাকিব লাগিব যাতে নিজৰ লোকসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা যায়। সেইবাবেই কিছুমান ঔষধৰ সাময়িকভাৱে ৰপ্তানি বন্ধ কৰা হৈছিল। কিন্তু ধাৰাবাহিক নতুন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ১৪ টা ঔষধৰ ৰপ্তানিৰ ওপৰত থকা বাধা উঠাই দিছে।‘’

বিদেশ মন্ত্ৰ্যালয়ৰ মতে পেৰাছিটামল আৰু হাইড্ৰ’ক্সিক্লৰ’কুইনক লৈ নিৰন্তৰ লক্ষ্য ৰখা হৈছে আৰু এবাৰ ভাৰতত ইয়াৰ ষ্টক পৰ্যাপ্ত হৈ পৰিলে কোম্পানীৰ ফালৰ পৰা তেনেধৰণে সিদ্ধান্ত লোৱা হ’ব।

গোটেই বিশ্বৰ পৰা একেৰাহে অহা আহ্বানৰ সন্দৰ্ভত বিদেশ মন্ত্ৰ্যালয়ে কয় যে এই মহা সংকটৰ সময়ত আমি আশা কৰো যে বিশ্বই একলগে যুঁজ দিব। আমিও নিৰন্তৰ এইক্ষেত্ৰত পদক্ষেপ লৈছো। আমি কেইবাখনো দেশৰ পৰা বিভিন্ন দেশৰ নাগৰিকৰ উদ্ধাৰ কৰাটোৱেই তাৰ এক উদাহৰণ।

বিদেশ মন্ত্ৰ্যালয়ে লগতে কয় যে ভাৰতে পেৰাছিটামল আৰু হাইড্ৰ’ক্সিক্লৰ’কুইনৰ প্ৰতি এইকাৰণেই গুৰুত্ব দিয়ে কিয়নো কেইখনমান চুবুৰীয়া দেশ সম্পূৰ্ণভাৱে আমাৰ ওপৰত নিৰ্ভৰশীল। এনেক্ষেত্ৰত তেওঁলোকক এই ঔষধ প্ৰেৰণ কৰাৰ অনুমতি দিয়া হৈছে। লগতে প্ৰয়োজন অনুসৰি সেই দেশসমূহলৈও এই ঔষধ প্ৰেৰণ কৰা হ’ব যিবোৰ দেশত কৰ’না ভাইৰাছৰ বাবে পৰিস্থিতিৰ অৱনতি ঘটিছে। এনে পৰিস্থিতিক কোনো কাৰণতেই ৰাজনীতিৰ ৰূপ দিয়া উচিত নহয়।

উল্লেখযোগ্য যে মঙলবাৰে পুৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এক মন্তব্য প্ৰকাশ পাইছিল য’ত তেওঁ কৈছিল যে যদি ভাৰতে হাইড্ৰ’ক্সিক্লৰ’কুইনৰ যোগান আৰম্ভ নকৰিলেহেতেন তেতিয়াহ’লে তেওঁ কঠোৰ উত্তৰ দিলেহেতেন।

ইয়াৰ পাছতে বিদেশ মন্ত্ৰ্যালয়ে ইয়াৰ প্ৰত্যুত্তৰত এই বিবৃতি জাৰি কৰে।