NORTHEAST NOW (Assamese)
দেশ

বিজেপিৰ দ্বিতীয় প্ৰাৰ্থী তালিকা প্ৰকাশঃ তালিকাত গাডকাৰীসহ কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 13, 2024 9:50 pm
BJP's 2nd List Lok Sabha Polls

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে আজি দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে শাসকীয় দল বিজেপিয়ে। দ্বিতীয়খন তালিকাত দলটোৱে ৭২ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।

ঘোষিত এই তালিকাত বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী নীতিন গাডকাৰী, পীযুষ গোৱাল, অনুৰাগ সিং ঠাকুৰ, প্ৰহ্লাদ যোশীকে ধৰি কেইবাগৰাকীও নেতাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।

ইফালে সোমবাৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰা মনোহৰ লাল খট্টৰকো লোকসভাৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে। তেওঁৰ লগতে আন দুগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱট আৰু বাসৱৰাজ বম্বাইকো প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে।

বিজেপিৰ এই দ্বিতীয় তালিকাত দিল্লীৰ দুখন আসন, গুজৰাটৰ ৭খন আসন, হাৰিয়ানাত ৬খন আসন, হিমাচল প্ৰদেশৰ দুখন আসন, কৰ্ণাটকৰ ২০খন আসন, মধ্যপ্ৰদেশৰ ৫খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা হৈছে।

সেইদৰে মহাৰাষ্ট্ৰৰ ২০খন আসন, তেলেংগানাৰ ৬খন আসন, ত্ৰিপুৰাৰ এখন আসন, উত্তৰাখণ্ডৰ দুখন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা হৈছে। দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ বাবেও ঘোষণা কৰা হৈছে প্ৰাৰ্থীৰ নাম।

উল্লেখ্য যে, যোৱা ২ মাৰ্চত বিজেপিয়ে ১৯৫ গৰাকী প্ৰাৰ্থীৰ নাম সন্নিৱিষ্ট প্ৰথমখন তালিকা প্ৰকাশ কৰিছিল। আজিৰ তালিকাৰ ৭২ গৰাকী প্ৰাৰ্থীৰ সৈতে এইপ্ৰৰ্যন্ত ২৬৭ গৰাকী প্ৰাৰ্থী ঘোষণা কৰিছে শাসকীয় দলটোৱে।