NORTHEAST NOW (Assamese)
দেশ

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 17, 2025 1:59 pm

কৰ্ণাটকৰ ষ্টেট বেংক অৱ ইণ্ডিয়াত (কৰ্ণাটকত এছ বি আই শাখা ডকাইতি) ডকাইতি কাণ্ড সংঘটিত হৈছে।  মঙলবাৰে বিয়লি বিজয়পুৰৰ বেংকৰ শাখাত বন্দুক লৈ প্ৰৱেশ কৰে এদল দুষ্কৃতিকাৰী। বেংকৰ কৰ্মচাৰীক বান্ধি মাৰপিট কৰাৰ লগতে কোটি কোটি টকা আৰু সোণৰ অলংকাৰ লুটপাত কৰে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

বেংকৰ সূত্ৰ অনুসৰি ডকাইতৰ দলটোৱে মুঠ ৫৮ কেজি সোণ আৰু নগদ ৮ কোটি টকা লৈ যায়। তেওঁলোকৰ ভাবুকিৰ বাবে কোনেও এলাৰ্ম বজাব নোৱাৰিলে বা সহায় বিচাৰিব নোৱাৰিলে। চাঞ্চল্যকৰ কথাটো হল আটাইকেইটা ডকাইত সেনাবাহিনীৰ পোছাক পিন্ধি আহিছিল, যাৰ ফলত কৰ্মচাৰীসকলে ভয় খাইছিল।

আৰক্ষীৰ মতে, দুষ্কৃতিকাৰীৰ দলটোৱে প্ৰথমে মেনেজাৰৰ চকীত গৈ কোষাধ্যক্ষৰ সন্মুখত থিয় হৈ সকলোৰে সন্মুখত ভাবুকি দি ধন-সোন লুটপাত কৰে। কেইমিনিটমানৰ ভিতৰতে বেংক লুটপাত কৰি গুচি যায়।

ঘটনাৰ পিছতে আৰক্ষীয়ে ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা গাড়ীখন উদ্ধাৰ কৰে। অনুমান কৰা হৈছে যে তেওঁলোক মহাৰাষ্ট্ৰ অভিমুখে পলায়ন কৰে। কৰ্ণাটক আৰু মহাৰাষ্ট্ৰ আৰক্ষীয়ে যৌথ অভিযান চলাইছে। বিভিন্ন স্থানত চেক পোষ্ট স্থাপন কৰি চিচিটিভিৰ ফুটেজ পৰীক্ষাৰ কাম চলি আছে।

উল্লেখযোগ্য যে যোৱা জুন মাহত বিজয়াপুৰাত আন এক বেংক ডকাইতি সংঘটিত হৈছিল। তেতিয়া ৫৯ কেজি সোণ আৰু প্ৰায় ৫ লাখ টকা লুটপাত হৈছিল। সেই ঘটনাৰ সৈতে জড়িত একাংশ বেংক বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছিল। মাত্ৰ ডেৰ-দুমাহ পিছতে একেখন চহৰতে পুনৰ বেংক ডকাইতিৰ ঘটনাই স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে।