ছিউলত অসমৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগপতিৰে মত বিনিময়
বিনিয়োগকাৰীক অসমত বিনিয়োগ তথা উদ্যোগ স্থাপন কৰিবলৈ আগ্ৰহী কৰাৰ প্ৰচেষ্টাৰ অংশ স্বৰূপে সম্প্ৰতি দক্ষিণ কোৰিয়া ভ্ৰমণত থকা অসমৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তাৰ ভালেমান উদ্যোগপতিৰ সৈতে মত বিনিময় কৰে। মত বিনিময় অনুষ্ঠানটোত ভাগ লৈ তেওঁ উদ্যোগপতি তথা বিনিয়োগকাৰীসকলক অসমত থকা বিনিয়োগৰ সম্ভাৱনা তথা পৰিৱেশৰ কথা অৱগত কৰে। লগতে বিত্ত মন্ত্ৰীজনে উদ্যোগপতিসকলে যাতে তেওঁলোকৰ প্ৰতিনিধিক অসমত অনুষ্ঠিতব্য Assam Global Investors’ Summit লৈ প্ৰেৰণ কৰে তাৰ বাবে অনুৰোধ জনায়। উল্লেখযোগ্য যে অসমত অহা ফেব্ৰুৱাৰিৰ ৩ আৰু ৪ তাৰিখত দেশী-বিদেশী বিনিয়োগকাৰীৰ এখন সন্মিলন অনুষ্ঠিত হ’ব, য’ত অসমত বিনিয়োগৰ বিষয়ত চৰকাৰ আৰু বিনিয়োগকাৰীৰ মাজত আলোচনা চলিব। এই সন্মিলনলৈ যাতে অধিকৰো অধিক সংখ্যক উদ্যোগপতি তথা বিনিয়োগকাৰীক আনিব পৰা যায় তাৰ বাবে ৰজ্যৰ মুখ্য মন্ত্ৰীকে ধৰি ৰাজ্যৰ মন্ত্ৰী আমোলা দেশী-বিদেশী বিনিয়োগকাৰীক লগ ধৰি আছে। একেই উদ্দেশ্য লৈ দক্ষিণ কোৰিয়াত থকা বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজিৰ এটা টুইটত দক্ষিণ কোৰিয়াক তেওঁলোকৰ উদ্যমিতা তথা শ্ৰমমুখিতাৰ বাবে প্ৰশংসা কৰে। লগতে তেওঁ ভাৰতত ছেমছাং আৰু হুণ্ডাইৰ নাম একেবাৰে ঘৰুৱা নামৰ দৰে হৈ পৰা বুলিও কয়।
You may also like
গোৱালপাৰাত অগ্নিদগ্ধ হৈ মৃত্যু ৭ বছৰীয়া শিশুৰ : পথৰ দুৰাৱস্থাৰ বাবে সময়ত আহি নাপালে অগ্নি নিৰ্বাপন বাহিনীৰ গাড়ী
গোৱালপাৰাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। শনিবাৰে নিশা গোৱালপাৰাত এটা বাসগৃহত অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ জীৱন্তে জাহ গ’ল এটি…
বিভ্ৰান্তিকৰ! বিজ্ঞাপনত কেবল সফলতা লাভৰ ছবি; IAS কোচিং চেন্টাৰক ৩ লাখ টকা জৰিমনা
চেন্ট্ৰেল কনজিউমাৰ প্ৰটেকশ্যন অথৰিটিয়ে মালুকা আই এ এছ কোচিং ইনষ্টিটিউটক ৩ লাখ টকা জৰিমনা বিহিছে। UPSC Civil Services Exam 2022 ৰ আগেয়ে…
স্বাস্থ্যখণ্ডত সংযোজন হ’ল ৭৫ খন ১০৮ মৃত্যুঞ্জয়ৰ লগতে এখন নৌকা এম্বুলেঞ্চ
ৰাজ্যত ১০৮ মৃত্যুঞ্জয় সেৱাৰ বাহনসমূহ মৃত্যুমুখী হোৱা বুলি সঘনাই চৰ্চিত হৈ থকাৰ সময়তে আজি এই সেৱাৰ সৈতে নতুনকৈ সংযোজিত হৈছে ৭৫ খন…
যোগৰ জৰিয়তে টীয়কৰ যুৱক মৃদুপৱনে ৰাজ্যখনলৈ কঢ়িয়াই আনিছে গৌৰৱ
যোৰহাট জিলাৰ টীয়কৰ জগদুৱাৰ হাবি গাঁৱৰ মৃদুপৱন শইকীয়া নামৰ এজন যুৱকে ৰচিছে সফলতাৰ কাহিনী ৷ অতি দৰিদ্ৰ তথা সাধাৰণ পৰিয়ালৰ এইজন যুৱকে…