NORTHEAST NOW (Assamese)
অসম

লাহৰীঘাটত আমচাঙৰ উচ্ছেদৰ বিৰুদ্ধে তিৱা যুৱ ছাত্ৰ পৰিষদৰ লগতে কেইবাটাও দল-সংগঠনৰ প্ৰতিবাদ

Posted by: এন ই নাও নিউজ ব্যুৰো: November 30, 2017 3:10 pm
লাহৰীঘাটত আমচাঙৰ উচ্ছেদৰ বিৰুদ্ধে তিৱা যুৱ ছাত্ৰ পৰিষদৰ লগতে কেইবাটাও দল-সংগঠনৰ প্ৰতিবাদ

আমচাং বনাঞ্চলত জনজাতীয় লোকসকলক  উচ্ছেদ কৰাৰ বিৰোধিতা কৰি তিৱা যুৱ ছাত্ৰ পৰিষদে আজি পুৱা প্ৰতিবাদ সাব্যস্ত কৰে।  পুৱাৰে পৰা লাহৰীঘাট অঞ্চলটোত সৰ্ব্বাত্মক ৰূপত বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হয় । লাহৰীঘাটৰ ধূপগুৰিত ট্ৰাইবেল সংঘ, তিৱা যুৱ ছাত্ৰ পৰিষদ আৰু এবছুৰ কৰ্মীসকল একত্ৰিত হৈ ৰাজপথত  টায়াৰ জ্বলাই বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে। পুৱাৰে পৰা হোৱা বন্ধৰ ফলত অঞ্চলটোৰ সকলো দোকান-পোহাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থকাৰ লগতে অঞ্চলটোত স্বাভাৱিক জীৱন যাত্ৰাত ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছে।