NORTHEAST NOW (Assamese)
ছিকিম

ছিকিম ‘গ্ৰীণ এম্বেছেডৰ’ৰ আনুষ্ঠানিক স্বীকৃতি বলিউড কণ্ঠশিল্পী মোহিত চৌহানক

Posted by: এন ই নাও নিউজ June 25, 2018 1:11 pm
mohit

ছিকিমৰ গ্ৰীণ এম্বেছেডৰ হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি লাভ কৰিলে বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী মোহিত চৌহান। যোৱা ২১ জুনত এইগৰাকী কণ্ঠশিল্পীক ছিকিম চৰকাৰে এই গ্ৰীণ এম্বেছেডৰৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে।

ৰাজ্যখনৰ গেংটক চহৰৰ গলিটাৰত বন বিভাগৰ উদ্যোগত অনুষ্ঠিত পৰিৱেশ সম্পৰ্কীয় এক অনুষ্ঠানত শিল্পীগৰাকীক এই প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।

মানৱ আৰু প্ৰকৃতিৰ মাজত থকা চিৰন্তন সম্পৰ্কক দৃঢ় কৰাৰ সংকল্পবদ্ধৰে এই প্ৰমাণ পত্ৰ গ্ৰহণ কৰে শিল্পীগৰাকীয়ে।

উল্লেখ্য যে শেহতীয়াকৈ ছিকিম চৰকাৰে মানৱ আৰু গছৰ মাজত বন্ধুত্ব স্থাপনৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰিছে।

স্থানীয় লোকাচাৰ অনুসৰি ছিকিমত ৰড’ডেনড্ৰ’ণ গছক লৈ এক অনুষ্ঠান উদযাপন কৰাৰ এক পৰম্পৰা আছে। মানুহ আৰু প্ৰকৃতিৰ মাজত যাতে চিৰন্তন সম্পৰ্ক গঢ়ি তুলিব পাৰি সেয়ে এনেধৰণৰ অনুষ্ঠান উদযাপন কৰা হয়।

উল্লেখ্য যে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ছিকিমক পৰিৱেশ সংবেদনশীল(গ্ৰীণ ডেষ্টিনেশ্যন) হিচাপে আগবঢ়ায় নিবলৈ ৰাজ্য চৰকাৰে বলিউডৰ প্ৰখ্যাত কণ্ঠশিল্পী মোহিত চৌহানক যোৱা ১০ মে’ত গ্ৰীণ এম্বেছেডৰ হিচাপে মনোনীত কৰিছিল। আৰু তাৰ পাছত যোৱা বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে ৰাজ্য চৰকাৰে গ্ৰীণ এম্বেছেডৰৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে।