NORTHEAST NOW (Assamese)
অসম

ছিপাঝাৰত উৎকোচ দি এনআৰচিত নাম অন্তৰ্ভুক্তিৰ চেষ্টা চলোৱা দুজনক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ April 22, 2018 7:09 am
এন আৰ চি

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বংশবৃক্ষ পৰীক্ষণৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে উৎকোচ দি নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ চেষ্টা চলোৱা এক ঘটনা সংঘটিত হৈছে ছিপাঝাৰত। এন আৰ চিৰ কামত নিয়োজিত কৰ্মচাৰীক ধন দি নাম অন্তৰ্ভুক্তিৰচেষ্টা চলোৱা দুজন লোকক দৰং জিলাৰ ছিপাঝাৰ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি গুৱাহাটীৰ বিশেষ আদালতলৈ প্ৰেৰণ কৰিছে।

ছিপাঝাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজহ পঞ্জীয়ক মানালী জৈনে সংবাদ মাধ্যমক জনোৱা মতে বৃহস্পতিবাৰে জিলাখনৰ ছিপাঝাৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বংশবৃক্ষ পুনৰীক্ষণ তথা পঞ্চায়তৰ নথি পৰীক্ষণৰ কামত নিয়োজিত দুজন বিষয়াক উৎকোচ দিয়াৰ চেষ্টা কৰে।

কাৰ্যালয়টোৰ কৰ্মচাৰী সহকাৰী অনুসন্ধানকাৰী বিষয়া হেৰম্ব নাথ আৰু কেন্দ্ৰটোৰ কম্পিউটাৰ অপাৰেটৰ ভাৰ্গব নাথক ছিপাঝাৰৰ কিৰাপাৰ চাপৰিৰ চৌমেশ খানৰ দুজন পুত্ৰ ক্ৰমে চান খান আৰু নয়ন খানে তেওঁলোকৰ পৰিয়ালৰ বুলি চিনাকি দিয়া এগৰাকী মহিলাৰ নথি পত্ৰসমূহ গ্ৰহণ কৰি নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে উৎকোচ আগবঢ়ায়।

তেওঁলোকৰ প্ৰলোভনক প্ৰশ্ৰয় নিদি নিষ্ঠাৱান কৰ্মচাৰী দুজনে ততালিকে বিষয়টো ৰাজহ চক্ৰ বিষয়াক অৱগত কৰে। এই অভিযোগৰ ভিত্তিত চক্ৰ বিষয়া মানালী জৈনে লোক দুজনৰ বিৰুদ্ধে ছিপাঝাৰ থানাত এখন এজাহাৰ দিয়ে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দুৰ্নীতি বিৰোধী আইনৰ অধীনত ছিপাঝাৰ থানাত ২৯০/২০১৮ নম্বৰ এটা গোচৰ ৰুজু কৰি দুয়োজন লোককে গুৱাহাটীৰ বিশেষ আদালতত হাজিৰ কৰোৱাই কাৰাগাৰালৈ প্ৰেৰণ কৰে।