NORTHEAST NOW (Assamese)

ছিপাঝাৰত জুৱাৰ ঘাটি উৎখাত, ৯ জন আটক

March 25, 2018 7:56 am · ময়ুখ গোস্বামী

ক্ৰমাৎ জুৱাৰ ঘাটিলৈ পৰিনত হোৱা দৰং জিলাত অৱশেষত আৰক্ষীয়ে জুৱা চক্ৰৰ বিৰুদ্ধে কিছু সক্ৰিয় ভূমিকা হোৱা পৰিলক্ষিত হৈছে।

কালি আবেলি দৰং আৰক্ষীৰ এটা দ’লে জিলাখনৰ পৰা পুনৰ এক জুৱাৰ ঘাটি উৎখাত কৰে।

প্ৰাপ্ত তথ্য মতে, আৰক্ষীয়ে ছিপাঝাৰৰ অন্তৰ্গত মাৰৈৰ সমীপৰ এখন ধাবাত অভিযান চলাই এটা ৯ জনীয়া জুৱা খেলৰ চক্ৰ  হাতে-লোটে আটক কৰে।

আটকাধীন লোককেইজনৰ পৰা ৮০,০০০ হাজাৰ টকা উদ্ধাৰ কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে জিলাখনত আৰক্ষীয়ে ৭২ ঘণ্টাৰ ভিতৰত উৎখাত কৰা এইটো হৈছে দ্বিতীয়টো জুৱাৰ ঘাটি।

ইয়াৰ পুৰ্বে যোৱা বুধবাৰে দৰং আৰক্ষীৰ অৱেক্ষাধীন সহযোগী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰদিপ মীনাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দ’লে মঙলদৈ নগৰৰ ৩নং ৱাৰ্ডৰ এক আৱাসিক এলেকাৰ পৰা এটা ৫ জনীয়া জুৱাৰীৰ দ’ল আটক কৰাৰ লগতে লোককেইজনৰ পৰা ৭৩,৮০০ টকা জব্দ কৰিছিল।

Related News