NORTHEAST NOW (Assamese)

ছয়গাঁৱৰ ৰে’লপথত ১৬ টা শগুণৰ মৃতদেহ উদ্ধাৰ

January 23, 2018 7:12 am · এন ই নাও নিউজ
Updated: January 24, 2018 6:50 pm
প্রতিনিধিত্বমূলক ফটো

ছয়গাঁৱৰ পাচ আমতলাত ১৬ টা শগুণৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। একে সময়তে এনেদৰে শগুণৰ মৃত্যুৱে প্ৰকৃতি প্ৰেমীৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিছে।

কামাখ্যা –যোগীঘোপা ৰে’লপথৰ পাচ আমতলাত সোমবাৰে ১৬ টাকৈ দুষ্প্ৰাপ্য শগুণৰ মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়ে। ইয়াৰ মাজতে এনেদৰে মৃত শগুণৰ ঘটনা চাবলৈ ৰে’লপথত বহু লোকৰ ভিৰ হয়।

স্থানীয় লোকে জানিব দিয়া মতে দেওবাৰে নিশা এটা মৰা গৰুৰ শ ভক্ষণ কৰি শগুণকেইটাই ৰে’লপথত জিৰণি লৈছিল। নিশা চলাচল কৰা ৰে’লৰ খুন্দাত শগুণ কেইটাৰ মৃত্য হয়।

বন বিভাগে খবৰ পোৱাৰ পিছত ঘটনাস্থলীত উপস্থিত হৈ মৃত শগুণ কেইটা লৈ যায়। স্থানীয় লোকে জানিব দিয়ে যে যোৱা বছৰো এনেদৰে প্ৰায় একেঠাইতে ৰে’লৰ খুন্দাত কেইবাটাও দুষ্প্ৰাপ্য শগুণৰ মৃত্যু হৈছিল।

প্ৰকৃতিৰ জামাদাৰ হিচাপে পৰিচিত এনে দুষ্প্ৰাপ্য শগুণৰ মৃত্যু সঁচাকৈয়ে উদ্বেগৰ বিষয়। পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত এই প্ৰাণীটোৰ এক বিশেষ ভূমিকা আছে।

বিভিন্ন সময়ত এনেদৰে দুৰ্ঘটনাত শগুণৰ মৃত্যু হোৱাৰ উপৰি মাজে সময়ে তেওঁলোকে ভক্ষণ কৰা খাদ্যত ঘটা বিষক্ৰিয়াৰ ফলতো বহুতো শগুণৰ মৃত্যু হোৱাৰ বাতৰি পোৱা যায়।

প্ৰকৃতিৰ বাবে অতি প্ৰয়োজনীয় এই দুষ্প্ৰাপ্য শগুণৰ সংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে। ইয়াৰ বাবে বনাঞ্চল ধ্বংসও অন্য এক কাৰণ বুলি পৰিৱেশবিদসকলে ক’ব খোজে।

 

Related News