NORTHEAST NOW (Assamese)
অসম

জখলাবন্ধা আৰক্ষীৰ বিশেষ সাফল্য : দুৰ্ধৰ্ষ চোৰাংচিকাৰীৰ লগত জড়িত দুই লিংকমেনক আটক

Posted by: ৰিদিপ শৰ্মা May 26, 2018 9:06 pm
Poacher linkmen nabbed

১১ মে’ত বুঢ়াপাহাৰত গঁড় হত্যা কৰি আৰক্ষীৰ জালত পৰা চাৰি দুৰ্ধৰ্ষ মণিপুৰী চোৰাংচিকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত জখলাবন্ধা আৰক্ষীয়ে আজি বিয়লি কাৰ্বি আংলং আৰু নগাঁও জিলাৰ সীমান্তবৰ্তি অঞ্চল হাৰগাঁৱৰ পৰা বাদনা মুঢ়া আৰু শাকমুঠি বাগানৰ খেলমাটিৰ লাইনৰ পৰা ৰামনাথ তাঁতী নামৰ দুজন লোকক আটক কৰে।

উক্ত দুইজন লোক চোৰাংচিকাৰী দলটোৰ হৈ লিংকমেনৰ কাম কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। এই দুই লিংকমেনে বিভিন্ন সময়ত সীমান্তৱৰ্তী অঞ্চলত গঁড় হত্যাৰ বাবে বাহৰ পাতি থকা চোৰাংচিকাৰীৰ দলক চাউল, দাইল, তেল আদিকে ধৰি বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে আৰক্ষীৰ গতি বিধিৰো সম্ভেদ যোগান ধৰি আহিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

ধৃতলোক দুজনে আজি কিছুদিন পূৰ্বে ৩,৭০০ টকাৰ খাদ্য সামগ্ৰী ক্ৰয় কৰি কাৰ্বি আংলঙৰ সীমান্তত মণিপুৰৰ চোৰাংচিকাৰী দলটোক যোগান ধৰিছিল বুলি আৰক্ষীৰ সূত্ৰৰ পৰা গম পোৱা যায়।

বৰ্তমান দুই লিংকমেনক জখলাবন্ধা আৰক্ষীয়ে আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে যদিও বাতৰি লিখা সময়লৈ তেওঁলোকৰ পৰা কোনো ধৰণৰ গঁড় হত্যাত ব্যৱহাৰ কৰা সামগ্ৰী বা মাৰণাস্ত্ৰ পোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

লোক দুজনৰ পৰা অনাগত দিনত আৰু বহুতো তথ্য পোৱাৰ সম্ভবনা আছে বুলি জখলাবন্ধা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া দেবেন বৰাই জানিবলৈ দিয়ে।