NORTHEAST NOW (Assamese)

জনসভাত ভাষণৰত অৱস্থাতেই অসুস্থ হৈ পৰিল ডিগবৈৰ বিধায়ক সুৰেন ফুকন

April 24, 2018 3:01 pm · লক্ষ্মণ শৰ্মা
Updated: April 24, 2018 3:17 pm

ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনে ২২ এপ্ৰিল তাৰিখে  তিনিচুকীয়া জিলাৰ ডিগবৈ আৰক্ষী চকীৰ অন্তৰ্গত ২নং অসমীয়া গাঁওৰ এখন জনসভাত এটা শ্ৰেণীকোঠাৰ উদ্বোধনী ভাষণ ভাষণ দি থকা অৱস্থাতে হঠাতে ঢলি পৰে। উচ্চ ৰক্তচাপৰ বাবে বিধায়কগৰাকী এইদৰে অসুস্থ হৈ পৰিছে বুলি পৰিয়ালৰ সূত্ৰত প্ৰকাশ।

দলীয় কৰ্মী আৰু উপস্থিত ৰাইজে অসুস্থ বিধায়কগৰাকীক ততাতয়াকৈ এখন ব্যক্তিগত চিকিৎসালয়লৈ কঢ়িয়াই নিয়ে আৰু তেওঁৰ চিকিৎসাৰ বন্দোৱস্ত কৰে।

চিকিৎসকে প্ৰকাশ কৰা মতে ঘাইকৈ অনিয়নীয়া টোপনিৰ বাবে তেওঁৰ ৰক্তচাপ অধিক হৈছে।

অসুস্থ বিধায়কগৰাকীয়ে ইয়াৰ পাছদিনা ২৩ তাৰিখেও নিৰ্দিষ্ট হৈ থকা ৬খন উদ্বোধনী সভাত নিৰ্দিষ্ট সময়ত ভাষণ প্ৰদান কৰে।

বিধায়কগৰাকীৰ এগৰাকী ঘনিষ্ঠ সহযোগীয়ে প্ৰকাশ কৰিছে যে নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত তেওঁৰ নিৰ্দিষ্ট সামাজিক কাম-কাজসমূহ আৰু অন্যন্য দায়িত্বখিনি সম্পন্ন কৰাৰ বাবে তেওঁ জিৰণি আৰু কামৰ ভাৰসাম্যতা বজাই নাৰাখে।

জানিব পৰা মতে বিধায়ক সুৰেন ফুকনে তেওঁৰ সমষ্টিত ভালেমান বিকাশমূলক কাম হাতত লৈছে আৰু নিৰলসভাৱে তেওঁ সেই কামখিনি সময়মতে সম্পন্ন হোৱাত মনোনিৱেশ কৰিছে।

২০১৭-১৮ ফুকনে বিত্তীয় বৰ্ষৰ বাবে ধাৰ্য কৰা স্থানীয় এলেকা উন্নয়ন পুঁজিৰ ধনেৰে নিৰ্মাণ কৰা এটা নতুন শ্ৰেণীকক্ষৰ উদ্বোধনী অনুষ্ঠানত  দি থাকোঁতে হঠাতে অসুস্থ হৈ পৰিছিল।

পৰিয়ালৰ তৰফৰ পৰা জনোৱা মতে মধুমেহ ৰোগত আক্ৰান্ত বিধায়কগৰাকীয়ে ৰাজহুৱা কাম আৰু সভা-সমিতিৰ কামৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰা নাই। বিধায়ক পুঁজিৰ ১ কোটি টকাৰ গোটেইখিনি তেওঁ দ্ৰুত আৰু কাৰ্যকৰী ৰূপায়ণৰ ব্যৱস্থা কৰিছে। চিকিৎসকে এদিন জিৰণিৰ উপদেশ দিয়া সত্তেও সেয়া নামানি দুৰ্বল শৰীৰৰ কিন্তু সংকল্পত অটল বিধায়কগৰাকীয়ে সময়ৰ কাম সময়তে কৰিবলৈ বদ্ধপৰিকৰ।

প্ৰণিধানযোগ্য যে বিধায়কৰ বাবে আবণ্টিত সমষ্টিৰ বিভিন্ন আৰ্থ-সামাজিক উন্নয়ন আঁচনি আৰু প্ৰকল্পৰ ১০০ শতাংশ ৰূপায়ণ কৰা প্ৰথমগৰাকী বিজেপি বিধায়ক হিচাপে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিধায়ক সুৰেন ফুকনৰ ভূয়সী প্ৰশংসা কৰিছিল।

Related News