NORTHEAST NOW (Assamese)
অসম

জলাশয় সংৰক্ষণৰ আঁচনি গ্ৰহণ কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ে

Posted by: এন ই নাও নিউজ March 19, 2018 12:02 pm
Gauhati-University-Assam-570x320

জলাশয়ৰ ওপৰত কৰা নিৰ্মাণত সাংঘাতিক প্ৰভাৱ পেলোৱাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ে ইয়াৰ জলাশয়সমূহ সংৰক্ষণৰ পৰিকল্পনা কৰিছে।

বিশ্ববিদ্যালয়খনৰ ৫০৮ একৰ ভূমিৰ ভিতৰত নিৰ্মাণ অঞ্চল ৭৪ একৰ, ১৭০ একৰ গছ-গছনিৰে পূৰ্ণ সেউজ অঞ্চল আৰু ২৬৩.৫ একৰ খালী ভূমি আছে। নিৰ্মাণ অঞ্চলটোৱে বাহিৰৰ দেৱালৰ পৰা মুঠ নিৰ্মাণ ক্ষেত্ৰক সামৰি লৈছে।

‘’গুৱাহাটী বিশ্ববিদ্যালয় এটা নিৰ্মিত অঞ্চল, সেউজ অঞ্চল আৰু খালী স্থানেৰে ভৰা চৌহদ। ৭৪ একৰ নিৰ্মাণ অঞ্চলৰ ভিতৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, শৈক্ষিক বিভাগসমূহ, আৱাস গৃহসমূহ, ছাত্ৰ-ছাত্ৰী নিৱাসসমূহ আৰু প্ৰশাসনীয় ভৱন অন্তৰ্ভুক্ত হৈ আছে। ১৭০ একৰ সেউজ ভূমিত চৌহদৰ বনাঞ্চল আৰু বাগিছাৰ ভূমি অন্তৰ্ভুক্ত হৈছে। সেউজ অঞ্চলটো অনা-আৱাসিক অঞ্চল হিচাপে ৰখা হ’ব। ভৱিষ্যতে নিৰ্মাণৰ কাম কৰিবলগা হ’লে খালী ভূমিত কৰা হ’ব,’’- বিশ্ববিদ্যালয়খনৰ এগৰাকী অভিযন্তা সল্জীৱ বৰুৱাই এইদৰে কয়।

‘’তদুপৰি, চৌহদটোৰ প্ৰতিটো নিৰ্মাণৰ বাবে সুকীয়া ব্ল’ক সৃষ্টি কৰাৰ প্ৰয়োজন আছে। আমি এই আঁচনিৰ ওপৰত কাম কৰি আছো,’’-তেওঁ লগতে কয়।

তেওঁ কয় যে এতিয়ালৈকে চৌহদত জলাশয়ৰ মুঠ অঞ্চল আছে ৩০.৪৭ হেক্টৰ। ইয়াৰে দুটা প্ৰধান অঞ্চল হৈছে –এটা পৰিসংখ্যা বিভাগৰ কাষত আৰু আনটো গুৱাহাটী বিশ্ববিদ্যালয় মডেল স্কুলৰ পৰা ভূপেন হাজৰিকা সমাধিক্ষেত্ৰলৈ ক্ৰমে ৯.৩৪ হেক্টৰ আৰু ৬.২৩ হেক্টৰ ক্ষেত্ৰ।

কমিটিৰ এগৰাকী সদস্য ভূগোল বিভাগৰ ধ্ৰুৱজ্যোতি চহৰীয়াই কয়, ‘’পৰিসংখ্যা বিভাগৰ কাষৰ আৰু মডেল স্কুলৰ ওচৰৰ জলাশয়সমূহ দুটা প্ৰধান প্ৰাকৃতিক জলাশয়। ভৱিষ্যতে এটা জল ক্ৰীড়া চৌহদৰ বাবে সংৰক্ষণ কৰাৰ পৰিকল্পনা আছে।‘’

‘’ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে আন ক্ষুদ্ৰ জলাশয়সমূহৰ সংৰক্ষণো সমানেই গুৰুত্বপূৰ্ণ। সেয়েহে, আমি সকলো চিনাক্ত নোহোৱা জলাশয় ক্ষেত্ৰ পৰিস্কাৰ কৰাৰ পৰিকল্পনা কৰিছো আৰু সোনকালেই এইবোৰক উন্নত কৰা হ’ব। উত্তৰ দিশত নিৰ্মাণ কৰা ‘বাইপাছ’য়েও চৌহদৰ বহু জলাশয় ক্ষতিগ্ৰস্ত কৰিছে। বহুতো জলাশয় অপতৃণৰ সংক্ৰমণত ক্ষতিগ্ৰস্ত হৈছে,’’-তেওঁ লগতে কয়।