NORTHEAST NOW (Assamese)
অসম

ধৰ্ণাত বহিল ছমাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হাফলং জনস্বাস্থ্য কাৰিকৰীৰ কৰ্মচাৰী

Posted by: পংকজ কুমাৰ দেব Updated by: পংকজ কুমাৰ দেব November 28, 2019 7:39 am
IMG-20191127-WA0010

দৰমহাৰ দাবিত বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে হাফলং জনস্বাস্থ্যৰ ২৮২ গৰাকী কৰ্মচাৰী ধৰ্ণাত বহিছে। অল আচাম পি এইচ্ছ ই এমপ্লয়েজ এছ’চিয়েছনৰ হাফলং শাখাৰ উদ্যোগত হাফলং পি এইচ্ছ ই ডিভিচন কাৰ্যালয় চৌহদত এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।

ধৰ্ণাত কৰ্মচাৰীসকলে বিভাগীয় ভাৰপ্ৰাপ্ত কাৰ্যনিৰ্বাহী অভিযন্তা পিনাকী কৰ গো ব্যাক, পিনাকী কৰ মুৰ্দাবাদ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।

কৰ্মচাৰী সকলৰ অভিযোগ অনুসৰি পিনাকী কৰৰ নিৰ্লিপ্ততাৰ কাৰণে যোৱা ছমাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈছে। সেয়ে উপায়হীন হৈ কৰ্মচাৰীসকলে বুধবাৰৰ পৰা ধৰ্ণাত বহিবলৈ বাধ্য হৈছে।

সংস্থাৰ সম্পাদক বিপুল লংমাইলাইয়ে কয়, ‘চৰকাৰে এতিয়াৰ পৰা অনলাইনত দৰমহা প্ৰদান কৰিব আৰু এই অনলাইন প্ৰক্ৰিয়াৰ কাৰণেই দৰমহা সমস্যাৰ সূত্ৰপাত। কিন্তু এই প্ৰক্ৰিয়াত বিভাগীয় মুৰব্বী পিনাকী শংকৰ কৰে কৰ্মচাৰী সকলক সহযোগ কৰা নাই’।

ইয়াৰ উপৰি তেওঁ কয়, ‘অকল এয়াই নহয় তেওঁক লগ কৰিব বিচৰা কৰ্মচাৰীৰ লগত সদায় অভদ্ৰ আচৰণত লিপ্ত হয়। দৰমহা ইছ্যু লৈ সাক্ষাৎ কৰাৰ কাৰণে গ’লে  নিজৰ কাৰ্যালয়ৰ পৰা উলিয়াই পঠিয়ায়। এনে পৰিস্থিতিত দৰমহাহীন কৰ্মচাৰী সমাজৰ সম্মুখত আন্দোলনৰ অবিহনে বেলেগ পথ নাছিল’।

ধৰ্ণা কাৰ্যসূচীত অংশ লোৱা দৰমহা বঞ্চিত কৰ্মচাৰীসকলৰ সমস্যা অহা ১০ ডিচেম্বৰৰ ভিতৰত সমাধান নহয় তেন্তে ১১ ডিচেম্বৰৰৰ পৰা অনিৰ্দিষ্টকালীন আন্দোলনত বহিব বুলিও জানিব দিয়ে।

প্ৰতিবাদকাৰী সকলে কয়, ‘২৮২ গৰাকী কৰ্মচাৰীৰ কঠোৰ পৰিশ্ৰমৰ কাৰণে বৃহত্তৰ হাফলঙৰ ৰাইজে দৈনন্দিন খোৱাপানী যোগান পোৱা সম্ভৱ হৈছে। কিন্তু দৰমহাহীনতা লৈ সংশ্লিষ্ট কৰ্ত্তৃপক্ষ উদাস’।

ইফালে এই বিষয়টোত কৰ্মচাৰী সংস্থাই পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ হস্তক্ষেপ কামনা কৰাৰ উপৰি পিনাকী কৰৰ বদলিৰ দাবি জনায়।