NORTHEAST NOW (Assamese)
Popular Stories

সাম্প্রদায়িক হিংসাৰ প্ৰৰোচনাৰ অভিযোগত গোৱালপাৰাত পুনৰ ৩জনক গ্ৰেপ্তাৰ

Posted by: ছফিকুল আহমেদ Updated by: ছফিকুল আহমেদ November 28, 2019 8:00 am
arrest-2-76

ইছলামিক সন্ত্ৰাসবাদী সংগঠন ISISৰ সৈতে জড়িত থকাৰ অভিযোগত ৩জন লোকক গ্ৰপ্তাৰ কৰা্ৰ পিছত বুধবাৰে পুনৰ গোৱালপাৰাত উগ্ৰ ইছলামিক মৌলবাদী সংগঠন প’পুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ ৩ গৰাকী সদস্যক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা সদস্য কেইজনক কৃষ্ণাইৰ অধিবক্তা জিন্না আমিৰ হুছেইন, গোৱালপাৰা নগৰৰ ভালুকডুবিৰ ছবুৰ আলী আৰু হাবিবুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে।

‘তেওঁলোকক সাম্প্ৰদায়িক হিংসাৰ বাবে উচতনি দিয়া আৰু ধৰ্মীয় সংখ্যালঘু লোকসকলক মেৰুকৰণৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হয়।‘ আৰক্ষীৰ এক সূত্ৰত প্ৰকাশ।

অভিযোগ মতে সংগঠনটোৰ সদস্য কেইজনে অযোধ্যা গোচৰৰ ৰায়ৰ পিছত শুকুৰবাৰে নামাজৰ সময়ত ইছলাম ধৰ্মালৱম্বী লোকসকলৰ মাজত পেমফলে’ট বিলাইছিল। উক্ত পেমফলে’টত ধৰ্মীয় প্ৰৰোচনামূলক বক্তব্য আছিল বুলি সূত্ৰত প্ৰকাশ।

ঘটনা সংক্ৰান্তত গোৱালপাৰা সদৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ২৯৫/১৫৩ এ ধাৰাৰ অধীনত ৬৯১/১৯ নম্বৰৰ এক গোচৰ ৰুজু কৰা হয়।