NORTHEAST NOW (Assamese)

জাগীৰোডত ৭ বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ

February 8, 2018 4:33 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

জাগীৰোডত বৃহস্পতিবাৰে পুৱা কৃতিকা কুমাৰি নামৰ এটি ৭ বছৰীয়া শিশুৰ মৃতদেহ ঘৰৰ বাৰাণ্ডাত উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে বুধবাৰে প্ৰায় ৩ বজাৰ পৰা কৃতিকা কুমাৰী সন্ধানহীন হৈ আছিল আৰু পৰিয়াল লোকে কোনো শুংসূত্ৰ পোৱা নাছিল যদিও বৃহস্পতিবাৰে পুৱা নিজাৰ বাসগৃহৰ বাৰাণ্ডাতে কৃতিকাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোৰ ৰাইজক হতচকিত কৰিছে।

আনহাতে পৰিয়ালৰ লোকে এয়া এক ৰহস্যজনক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে।

পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে বুধবাৰে কৃতিকা বিদ্যালয়ৰ পৰা আহি ঘৰত উপস্থিত হৈ দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত ঘৰৰ বাহিৰলৈ উলাই যোৱাৰে পৰা সন্ধানহীন হৈ আছিল। পৰিয়ালৰ লোকে বুধবাৰে নিশা বহু দেৰিলৈকে কৃতিকাক উদ্ধাৰৰ বাবে বিচাৰ-খোচাৰ কৰে যদিও কোনো সন্ধান পোৱা নাছিল। লগতে পৰিয়ালৰ লোকে উদ্ধাৰ হোৱা মৃতদেহত আঘাতৰ চিন থকালৈ চাই কোনোবাই শিশুটিক অপহৰণ কৰি হত্যা কৰা বুলি দাবী কৰে।

Related News