NORTHEAST NOW (Assamese)
অসম

জাগুনত দুস্প্ৰাপ্য লাজুকী বান্দৰৰ মৃত্যুত ব্যথিত প্ৰকৃতিপ্ৰেমী

Posted by: মানস প্ৰতিম গগৈ June 8, 2018 11:57 am
IMG-20180606-WA0036

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত জাগুনত দুস্প্ৰাপ্য লাজুকী বান্দৰ এটাৰ মৃত্যুৱে অঞ্চলবাসীৰ প্ৰকৃতিপ্ৰেমী লোকসকলক মৰ্মাহত কৰিছে। জানিব পৰা অনুসৰি ডিগবৈ বনসংমণ্ডলৰ অধিনৰ জাগুন বনাঞ্চলিক কাৰ্যালয়ৰ অধিনৰ জাগুন দহ মাইলত বিদ্যুতৰ তাঁৰত লাগি বহস্পতিবাৰে দুস্প্ৰাপ্য লাজুকী বান্দৰটোৰ মৃত্যু হয়৷

উত্তৰ-পূব ভাৰতৰ বেচৰকাৰী প্ৰকৃতিপ্ৰেমী সংগঠন নেচাৰ্চ বেকনৰ মাৰ্ঘেৰিটা মহকুমা সমিতিয়ে লাজুকী বান্দটোৰ মৃত্যুত গভীৰ উদ্বেগ প্ৰকাশ কৰে৷ প্ৰতিদিনে বন ধ্বংসৰ ফলত খাদ্য আৰু বাসস্থানৰ অভাৱৰ বাবেই জীৱ কুলে এইদৰে মৃত্যুক আকোৱালি ল’বলগীয়া হৈছে বুলি নেচাৰ্চ বেকনে চিন্তা প্ৰকাশ কৰিছে৷

লাজুকী বান্দৰ ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণ আইনৰ দ্বাৰা কঠোৰভাৱে সংৰক্ষিত৷ এই আইন অনুসৰি লাজুকী বান্দৰ ১ নম্বৰ তালিকাভুক্ত প্ৰাণী৷ তদুপৰি ২০০৮ চনৰ আই.ইউ. চি. এন (IUCN) ৰ ৰেড ডাটা লিষ্টত লাজুকী বান্দৰক “বিপথগামী“ (Vulnerable) প্ৰজাতি হিচাপে চিহ্নিত কৰা হৈছে৷ নিৰন্তৰে চলাই অহা চোৰাংচিকাৰ তথা বনাঞ্চল ধ্বংসই ইয়াৰ বাবে মূল জগৰীয়া বুলি নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই মন্তব্য কৰে৷

উল্লেখ্য যে এই নিশাচৰ লাজুকী বান্দৰ বিধ মূলতঃ উত্তৰ-পূব ভাৰত অৰ্থাৎ অসম, অৰুণাচল প্ৰদেশ, মিজোৰাম, নাগালেণ্ড, মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰাৰ গভীৰ চিৰসেউজীয়া তথা সেমেকা পৰ্ণপাতী অৰণ্যত পোৱা যায়৷