NORTHEAST NOW (Assamese)
Popular Stories

গৰ্গ চেতাৰ্জীক গ্ৰেপ্তাৰ দাবীত মাৰ্ঘেৰিটাত দল-সংগঠনৰ প্ৰতিবাদ; মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ June 24, 2020 7:56 pm

পশ্চিম বংগৰ বিৰ্তকিত বুদ্ধিজিৱী গৰ্গ চেটাৰ্জীয়ে চাওলুং চ্যুকাফা আৰু আহোম সম্প্ৰদায়ৰ ওপৰত কৰা বিৰূপ মন্তব্যৰ বিৰুদ্ধে আহোম সভা মাৰ্ঘেৰিটা মহকুমা সমিতিৰ আহ্বানত আজি বহুকেইটা সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে।

উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত ৰূপায়ন উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আছু মাৰ্ঘেৰিটা আঞ্চলিক সমিতি, টাই আহোম যুৱ পৰিষদ, টাই আহোম ছাত্ৰ সন্থা টিৰাপ আঞ্চলিক আৰু স্থানীয় বিভিন্ন দল-সংগঠনে অংশ লয়।

প্ৰতিবাদ কাৰীসকলে ‘চাওলুং চ্যুকাফা জিন্দাবাদ, গৰ্গ চেতাৰ্জী মুৰ্দাবাদ, গৰ্গ চেতাৰ্জীক গ্ৰেপ্তাৰ কৰক’ আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

মাৰ্ঘেৰিটা মহকুমা আহোম সভাৰ সম্পাদক উৎপল কোঁ‌ৱৰে সংবাদ মাধ্যমৰ আগত কয় যে বৰ অসমৰ ভেটি গঢ়া স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ বিৰুদ্ধে কৰা বিৰূপ মন্তব্যৰ বাবে এতিয়া জাঙুৰ খাই উঠিছে অসমৰ দল-সংগঠন।

আহোম সভাৰ লগতে অন্যান্য জাতীয় দল সংগঠন সমূহে শীঘ্ৰে বিৰ্তকিত গৰ্গ চেতাৰ্জীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তী দিবলৈ চৰকাৰক দাবী জনায়।

দুঘণ্টীয়া প্ৰতিবাদৰ অন্তত মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে গৰ্গ চেতাৰ্জীক গ্ৰেপ্তাৰ দাবীত  আহোম সভাই মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।