NORTHEAST NOW (Assamese)
অসম

অসমত ২২৬ নতুন ক’ভিড আক্ৰান্ত, মুঠ ৬২৮২

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 24, 2020 7:50 pm
8329 persons cured of COVID-19 in Assam

২২৬গৰাকী ব্যক্তি অসমত বুধবাৰে ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত হৈছে।

এইসকল ব্যক্তিৰে সৈতে অসমত মুঠ আক্ৰান্তৰ সংখ্যা বুধবাৰে ৬২৮২লৈ বৃদ্ধি পাইছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

কোন কোন জিলাত শেহতীয়াকৈ আক্ৰান্তসকল চিনাক্ত হৈছে সেয়া স্বাস্থ্য মন্ত্ৰীয়ে এতিয়ালৈকে সদৰী কৰা নাই।

বৰ্তমান অসমত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ২৫০৮গৰাকী।

ইতিমধ্যে ৩৭৬২গৰাকী ব্যক্তিয়ে ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে।

ক’ভিড-১৯ত অসমত নগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

অসমত বিশেষকৈ গুৱাহাটী মহানগৰত শেহতীয়াকৈ ব্যাপক হাৰত ক’ভিড ৰোগী চিনাক্ত হৈছে।

গুৱাহাটীৰ ১১টা ৱাৰ্ডত জিলা প্ৰশাসনে সাৱধানতামূলক পদক্ষেপ হিচাপে লকডাউন ঘোষণা কৰিছে।