NORTHEAST NOW (Assamese)
অসম

জানুৱাৰিৰ পৰা চলিব ব্ৰহ্মপুত্ৰৰ খনন : কাজিৰঙাত ঘোষণা নিতীন গাডকাৰিৰ

Posted by: উত্তম শইকীয়া December 30, 2017 7:07 pm

আজি কাজিৰঙাৰ বৰগছ ৰিচৰ্টত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ সৈতে হোৱা এক বৈঠকৰ  শেষত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নিতীন গাডকাৰিয়ে ঘোষণা কৰে যে, ‘অসমত গাড়ী চালকৰ প্ৰশিক্ষণ আৰু পৰীক্ষণ কেন্দ্ৰ স্থাপন হ’ব। উন্নত প্ৰযুক্তিৰে কম্পিউটাৰ পৰিচালিত ৩৩ টা কেন্দ্ৰ অসমত স্থাপন কৰা হ’ব।’ মন্ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি বৰাক নদীত খনন কাৰ্য ইতিমধ্যে আৰম্ভ হৈছে আৰু অহা জানুৱাৰি মাহৰ পৰা ব্ৰহ্মপুত্ৰ খন্দা কাম আৰম্ভ হ’ব। মন্ত্ৰী গৰাকীয়ে লগতে কয় যে ব্ৰহ্মপুত্ৰৰ ফেৰীঘাট সমূহ উন্নীত কৰা হ’ব আৰু ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ স্থানীয় নিবনুৱা যুৱক সকলৰ নিয়োগ সৃষ্টি কৰিব পৰাকৈ ফেৰী সেৱা বৃদ্ধি কৰা হ’ব।

আজিৰ বৈঠকত ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীও উপস্থিত থাকে। এই বৈঠকতে গাডকাৰিয়ে অসমৰ পথ আৰু জল পৰিবহণ ব্যৱস্থাৰ বুজ লয়।

উল্লেখযোগ্য যে সপৰিয়ালে কাজিৰঙালৈ অহা মন্ত্ৰী গৰাকীয়ে কালিও আয়’ৰা নামৰ ৰিচৰ্টত অসমৰ মুখ্য মন্ত্ৰী সৰ্বনন্দ সোণোৱাল, অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডু, মণিপুৰৰ মুখ্য মন্ত্ৰী এন বিৰেন সিং, অসমৰ গড়কাপ্টানি মন্ত্ৰী পৰিমল শুক্ল বৈদ্য, পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জলসম্পদ  মন্ত্ৰী কেশৱ মহন্ত, কৃষি মন্ত্ৰী অতুল বৰা আৰু বিধায়ক প্ৰশান্ত ফুকন আৰু মৃণাল শইকীয়াৰ লগতে পথ আৰু জলপৰিবহণ বিভাগৰ উচ্চ পদস্থ বিষয়াৰ সৈতে এক আলোচনাত মিলিত হৈছিল।

কাজিৰঙাত মন্ত্ৰী গৰাকীৰ ভ্ৰমণ সূচীৰ বাবে কাজিৰঙাৰ প্ৰায় সকলো চৰকাৰী পৰ্যটক নিবাস ১ জানুৱাৰিলৈকে বুক কৰি ৰখাৰ ফলত কাজিৰঙালৈ অহা বহু দেশী-বিদেশী পৰ্যটক আহুকালৰ সন্মুখীন হ’ব লগা হৈছে।