NORTHEAST NOW (Assamese)
অসম

টে’ট পৰীক্ষাক প্ৰত্যাহ্বান জনায় ১৫৫ জন টে’ট শিক্ষকৰ উচ্চতম ন্যায়ালয়ত গোচৰ

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া July 14, 2019 9:38 am
টে’ট পৰীক্ষাক প্ৰত্যাহ্বান জনায় ১৫৫ জন টে’ট শিক্ষকৰ উচ্চতম ন্যায়ালয়ত গোচৰ

চৰকাৰ আৰু ঠিকা ভিত্তিক টেট শিক্ষকৰ মাজৰ সংঘাত দিনক দিনে বৃদ্ধি পাব ধৰিছে। অৱশেষত এই সংঘাত উচ্চতম ন্যায়ালয়ৰ মজিয়া পালেগৈ।

সাত বছৰৰ মূৰত ৰাজ্যৰ শিক্ষা বিভাগে নতুনকৈ টে’ট অনুষ্ঠিত কৰাৰ ঘোষণা কৰাৰ পিছতে শংকিত হৈ পৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে এক গোচৰ সংক্ৰান্তত সাধাৰণ টেট অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়াৰ পিছত ইয়াক প্ৰত্যাহ্বান জনাইছে ৰাজ্যৰ একাংশ ঠিকা ভিত্তিক টেট শিক্ষকে।

১৫৫ জন টে’ট শিক্ষকৰ হৈ টে’টপৰীক্ষাৰ প্ৰসংগক মিলন মজুমদাৰ আৰু প্ৰকাশ হাজৰিকা নামৰ দুজন শিক্ষকে উচ্চতম ন্যায়ালয়ৰ মজিয়াত উপস্থাপন কৰিছে।

প্ৰকাশ হাজৰিকাই নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত কয় যে, ‘আমি অসমত টে’ট ৰ বিৰোধিতা কৰা নাই। আমাৰ মূল দাবীতো হ’ল পূৰ্বৰ প্ৰায় ৯ হাজাৰ পদৰ মাজত আমাক নিযুক্তি দিয়ক।’

নতুনকৈ ৰাজ্য চৰকাৰে টে’ট অনুষ্ঠিত কৰিবলৈ লোৱাৰ আগত অস্থায়ী টে’ট শিক্ষক সকলে এনেদৰে এতিয়া উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হোৱাৰ বিষয়টোৱে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।