NORTHEAST NOW (Assamese)
Popular Stories

অসময়ীৰ স্বাভিমান গামোচা ডিঙিত লোৱা প্ৰধান মন্ত্ৰী কাৰ্যালয়ৰ বানপানীৰ খবৰ ল’বলৈ আহৰি নাই : অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া July 14, 2019 10:49 am
Gamosa Modi

‘ডিঙিত গামোচা লৈ অসমবাসীৰ মন জয় কৰা প্ৰধান মন্ত্ৰী কাৰ্যালয়ৰ অসমৰ বানপানী খবৰ ল’বলৈ সময় নাই।’ অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৰাজীৱ ভৱনত শনিবাৰে অৰ্থাৎ ১৩ জুলাইত এক সংবাদমেলত এই মন্তব্য কৰে।

সংবাদমেলত তেঁও কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিঙিত গামোচা লৈ অসমবাসীৰ মন জয় কৰাৰ বিপৰীতে মুখ্য মন্ত্ৰী গৰাকীৰ ৰাজনৈতিক ক্ষেত্ৰ ঐতিহাসিক মাজুলীখনেই হয়তো পাহৰণিৰ গৰ্ভলৈ গুচি যাব কিন্তু বৰ্তমানলৈকে মাজুলী সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই।

সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে ৰাজ্যৰ ২১ খন জিলাতে নাই কোনো শৰণাৰ্থী শিবিৰ, উদ্ধাৰকাৰী দল। সাহায্য দিবৰ বাবে এটাও সাহায্য শিবিৰৰ ব্যৱস্থা কৰা নাই। লগতে কয় যে ইয়াৰ পৰাই বৰ্তমান বিজেপি চৰকাৰখনৰ ব্যৰ্থতা ওলাই পৰিছে।

তাৰোপৰি ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ আতংকৰ সময়ছোৱাত স্বাস্থ্য মন্ত্ৰী প্ৰমোদ ভ্ৰমণত ব্যস্ত থকাৰ কথাও সংবাদমেলত সাধাৰণ সম্পাদকগৰাকীয়ে উল্লেখ কৰে।

তেওঁ কয় যে বৰ্তমানলৈকে চৰকাৰী তথ্য মতে ৫৬ গৰাকী লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিছে। কিন্তু এই ক্ষেত্ৰত স্বাস্থ্য বিভাগ নিদ্ৰামগ্ন, নিৰ্বিকাৰ ৰাজ্যৰ মুখ্য মন্ত্ৰী সোণোৱালো।

সংবাদমেলত তেওঁ ৰাজ‍্যৰ ভয়াৱহ বান পৰিস্থিতি বুজল’বলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই দহটা ভাগত বিভক্ত কৰি দহখন কমিটি গঠন কৰিছে বুলি জনায়। সেই মৰ্মে সকলো জিলাৰ দায়িত্বত তেওঁলোকৰ সদস্য নিয়োগ কৰিছে। লগতে বৰ্তমান চৰকাৰখনক এই সমস্যা সমূহৰ সমাধান কৰিবলৈ আহ্বান জনায়।