NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱত প্ৰলয়ংকাৰী বানৰ কবলত অৰ্ধশতাধিক গাঁও; দেখা দিছে খাদ্য সংকটে, সাহায্যৰ বাবে চৰকাৰক অনুৰোধ

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী July 14, 2019 12:53 pm
বঙাইগাঁৱত প্ৰলয়ংকাৰী বানৰ কবলত অৰ্ধশতাধিক গাঁও; দেখা দিছে খাদ্য সংকটে, সাহায্যৰ বাবে চৰকাৰক অনুৰোধ

আজি কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ প্ৰলয়ংকাৰী বানৰ কৰাল গ্ৰাসত পৰিছে নামনি অসমৰ বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰীৰ অৰ্ধশতাধিক গাঁও।

প্ৰলয়ংকাৰী বানৰ কবলত পৰি গৃহহীন হৈ পৰিছে হাজাৰ হাজাৰ লোক। জিলাখনৰ কোকিলা, চাকলা, শৌলমাৰী, নাম্বাৰপাৰা, বাংলাপাৰা, গোলাপাৰা, কীৰ্ত্তনপাৰা, বালাৰচৰ, কীৰ্ত্তনপাৰা, ভাণ্ডাৰা, বাশবাৰী, টেন্টনপুৰ, হাজীপাৰা,মাত্ৰীঘোলা, কালীবাৰী আদি কৰি অৰ্ধ শতাধিক গাওঁ প্লাবিত হয় আই আৰু মানাহৰ বাঢ়নী পানীত।

বন্যাৰ্ত লোকসকলে ওখ ঠাইত শিবিৰ পাতি আশ্ৰয় গ্ৰহণ কৰিছে। কিন্তু এই শিবিৰ সমূহত দেখা দিছে তীব্ৰ খাদ্য সংকটে। বিশেষকৈ কণ কণ শিশুসকলে খোৱাপানীৰ বাবে দুৰ্ভোগ ভূগিব লগীয়া হৈছে নাই কোনো শিশু খাদ্যৰ ব্যৱস্থা।

বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত বালাৰচৰত প্ৰায় ডেৰ শতাধিক পৰিয়ালে শিবিৰ পাতি পশুধনৰ লগত সহাৱস্থান কৰা পৰিলক্ষিত হৈছে। শিবিৰ সমূহত থকা লোক সকলে যেন এক অতি পয়ালগা অৱস্থাত জীৱন নিৰ্বাহ কৰিছে।

বালাৰচৰ শিবিৰত থকা বন্যাৰ্তসকলক উত্তৰ শালমৰা মহকুমাৰ মহকুমাধিপতিৰ তত্ত্বাৱধানত কিছু পৰিমাণে সকাহ দিয়া হৈছে যদিও সেয়া পৰ্যাপ্ত নহয়।

আনহাতে বতৰ বিজ্ঞানে আগন্তুক চাৰিদিনলৈ বৰষুণ অব্যাহত থাকিব বুলি আগজাননী দিয়াত বন্যাৰ্তসকল অধিক শংকিত হৈ পৰিছে। লগতে এই ক্ষেত্ৰত চৰাকাৰক সহায়ৰ বাবে শিবিৰত থকা বন্যাৰ্ত সকলে কাতৰ অনুৰোধ জনাইছে।