NORTHEAST NOW (Assamese)
অসম

জাৰ্মানীত হৃদয় জিনিলে অসমৰ ‘হৃদয় হাজৰিকা’ই ; ‘স্বৰ্ণ পদক’ অৰ্জন জুনিয়ৰ বিশ্বকাপ শ্বুটিঙত  

Posted by: এন ই নাও নিউজ June 27, 2018 8:21 am
Hridoy Hazarika

ক্ৰীড়া ক্ষেত্ৰত এটাৰ পাছত আন এটা সফলতাই ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলাই তুলিবলৈ সক্ষম হৈছে অসমৰ নাম। হিমা, লাভলিনা, ভাৰতীয় বেডমিণ্টনৰ নৱতম চাঞ্চল্য তথা অল ইণ্ডিয়া ছিনিয়’ৰ বেডমিণ্টনৰ চেম্পিয়ন অস্মিতাৰ পাছত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল আন এগৰাকী অসমৰ খেলুৱৈ নাম হৃদয় হাজৰিকা ।

হয়, এইগৰাকী হৃদয় হাজৰিকাই জাৰ্মানীৰ শ্বুলত অনুষ্ঠিত হোৱা আই এছ এছ এফ জুনিয়ৰ বিশ্বকাপ শ্বুটিঙত সোমবাৰে ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত সোণৰ পদক অৰ্জন কৰিছে।

উল্লেখ্য যে জাৰ্মানীৰ শ্বুটাৰ মেক্সিমিলান আলব্ৰিছৰ পৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যদিও অৱশেষত হৃদয়ে মাত্ৰ পইণ্ট ৩ ৰ ব্যৱধানত সৰ্বমুঠ ২৪৮.৭ পইণ্ট সংগ্ৰহ কৰি তালিকাৰ শীৰ্ষস্থান দখল কৰে।

মন কৰিবলগীয়া যে ১০ মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙৰ কোৱালিফায়িং ৰাউণ্ডৰে পৰা অসমৰ উদীয়মান শ্বুটাৰগৰাকীয়ে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি মুঠ ৬২৭.১ পইণ্টেৰে তালিকাৰ শীৰ্ষত অধিষ্ঠিত আছিল। আৰু ফাইনেলতো সেই ধাৰা অব্যাহত ৰাখি স্বৰ্ণ পদক অৰ্জন কৰি দেশবাসীৰ লগতে পুনৰ এবাৰ অসমক গৌৰৱান্বিত কৰি তুলিলে।

লক্ষীমপুৰৰ সন্তান হৃদয় হাজৰিকাই এই সাফল্য অৰ্জন কৰাত অসম ৰাইফল শ্বুটিং সন্থাৰ সম্পাদক ভৱ কলিতা আৰু অন্যান্য বিষয়ববীয়াসকলে অভিনন্দন জনাইছে।