NORTHEAST NOW (Assamese)

জুবিনৰ গো-মাংস ভক্ষণ প্ৰসংগকলৈ বিতৰ্ক নকৰিবলৈ আহ্বান হিমাৰ পৰিয়ালৰ

July 16, 2018 9:26 am · মিণ্টু দাস

অসমৰ দৌৰৰ ৰাণী হিমা দাসক অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে গো-মাংস ভক্ষণ কৰিবলৈ দিয়া পৰামৰ্শক কেন্দ্ৰ কৰি সম্প্ৰতি ব্যাপক চৰ্চা চলিছে। বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষে নিজা নিজা মত ব্যক্ত কৰাৰ সময়তে দেওবাৰে এই বিষয়টোক লৈ হিমাৰ পৰিয়ালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

হিমাৰ মাতৃ জোনালী দাস আৰু বৰমাক পুষ্পলতা দাসে সংবাদ মাধ্যমৰ আগত কয় যে এই বিষয়টোক লৈ অধিক হৈ চৈ কৰিব নালাগে। জুবিনে আমাৰ হিমাক অত্যন্ত ভাল পায়। হিমাৰ এনে ইতিহাস সৃষ্টিকাৰী সাফল্যত অতিকে আনন্দিত আৰু উৎসাহিত হৈহে আচলতে স্ফূৰ্তিত থাকিব নোৱাৰিয়েই এনেধৰণৰ মন্তব্য কৰিছে।ই কেতিয়াও সম্ভৱপৰ নহয়। যিহেতু আমি হিন্দু আৰু অসমীয়া সমাজৰ নীতি-নিয়মৰ মাজত আছো, গতিকে গো-মাংসৰ কথা আহিবই নোৱাৰে।

প্ৰসংগক্ৰমে হিমাৰ পৰিয়ালৰ আন জ্যেষ্ঠ লোকসকলেও জুবিনৰ এই মন্তব্য কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি স্পষ্ট কৰি দি সকলোকে এই বিষয়টোক লৈ বিতৰ্কৰ সৃষ্টি নকৰিবলৈ অহ্বান জনায়।

আনহাতে, স্থানীয় বহুকেইটা দল-সংগঠনেও জুবিনৰ মন্তব্যক লৈ অযথা বিতৰ্কৰ সূত্ৰপাত নকৰিবলৈ সকলোকে আহ্বান জনোৱাৰ লগতে এনে বিতৰ্কই হিমাৰ বিশ্ব জয়ৰ অভিযানত বিৰূপ প্ৰভাৱ পেলোৱাৰ আশংকা প্ৰকাশ কৰিছে।

উল্লেখ্য যে, শনিবাৰে এক অনুষ্ঠানত সংগীত শিল্পী জুবিন গাৰ্গে মূৰ্গী, পাৰ আদিৰ মাংস খাবলৈ এৰি গো-মাংস খাবলৈ হিমাৰ প্ৰতি পৰামৰ্শ আগবঢ়াইছিল৷ গো-মাংস খালে এতিয়াতকৈ অধিক বেছি দৌৰিব পাৰিব বুলি উল্লেখ কৰি সংগীত শিল্পীগৰাকীয়ে হিমাক এতিয়াই কোনো চাকৰিত নোসোমাই দৌৰত মনোনিবেশ কৰিবলৈও লগতে পৰামৰ্শ দিছিল।

Related News