NORTHEAST NOW (Assamese)
অসম

জুবিন ফ্ৰেণ্ডচ ক্লাবৰ বিশ্ব পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি মাজুলীত নাহৰ ৰোপণ

Posted by: মিটু খাটনিয়াৰ June 5, 2018 9:20 am

আজি বিশ্ব পৰিৱেশ দিৱসৰ প্ৰতি লক্ষ্য ৰাখি জুবিনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মাজুলী নদী দ্বীপটোৰ চৌদিশে জুবিন ফ্ৰেণ্ডচ ক্লাবৰ উদ্যোগত ৰোপণ কৰা হৈছে নাহৰ।

ৰোপন কৰা প্ৰতিটো নাহৰ পুলিৰ সমান্তৰালকৈ উন্নত মানৰ বেৰা, প্ৰতিটো পুলি প্ৰতিপালনৰ বাবে একো একোজনকৈ লোকক দায়িত্ব ন্যস্ত কৰা হৈছে।

মাজুলীৰ ঐতিহাসিক দৰিয়া ডুবিৰ পাৰত সৌন্দৰ্য বৰ্দ্ধনৰ বাবে পথৰ দুয়োপাৰে শৃংখলিত ৰূপত ৰোপণ কৰা হৈছে নাহৰৰ পুলি।

আনহাতে জুবিন ফ্ৰেণ্ডচ ক্লাবৰ আহ্বানত আগবাঢ়ি আহিছে বিজ্ঞজনো। এটা পুলিও যাতে নষ্ট নহয় অথবা প্ৰতিপালনৰ অভাৱত মৰি নাযায় তাৰ প্ৰতি সদায় সচেষ্ট হোৱাৰ পন লৈছে ডেকা বন্ধু সকলে।

এইদৰে সঠিক ভাবে জীপাল হৈ উঠিলে প্ৰকৃতিৰ কোলাৰ নাহৰৰ দ্বীপ ৰূপে জিলিকি উঠিব নদীদ্বীপ মাজুলী। ফলত আজি এই বিশ্ব পৰিবেশ দিৱসৰ দিনা গছ পুলি ৰোপণৰ নামত যাতে পুলি সমূহ নষ্ট নকৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ সমূহৰ প্ৰতি আহ্বান জনাইছে জুবিন ফ্ৰেণ্ডচ ক্লাবে।