NORTHEAST NOW (Assamese)
অসম

সাংসদ তপন গগৈৰ আহ্বানত শিৱসাগৰ জিলা বিজেপিৰ উদ্যোগত খাদ্য সামগ্ৰী বিতৰণ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ April 9, 2020 9:11 pm
সাংসদ তপন গগৈৰ আহ্বানত শিৱসাগৰ জিলা বিজেপিৰ উদ্যোগত খাদ্য সামগ্ৰী বিতৰণ

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশত চলি থকা লকডাউনৰ ফলত দুখীয়া তথা দিন হাজিৰা কৰা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰীৰ নাটনিয়ে দেখা দিছে। ইয়াৰ মাজতে দৰিদ্ৰ তথা দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা পৰিয়ালৰ কাষত থিয় দিছে যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ।

সাংসদ গৰাকী দিল্লীত থকাৰ বাবে তেওঁৰ আহ্বান ক্ৰমে আজি শিৱসাগৰ জিলা বিজেপিয়ে বেতবাৰীৰ বিভিন্ন অঞ্চলত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে। বেতবাৰীৰ মাঝি গাঁও, কৰ্দৈগুৰি মিচিং গাঁও আৰু কৈৱত চেতিয়া গাঁৱৰ প্ৰায় ২৫০ গৰাকী দৰিদ্ৰসীমা ৰেখাৰ তলৰ পৰিয়ালক এই সাহায্য প্ৰদান কৰা হয়।

যোৱা বুধবাৰেও শিৱসাগৰৰ খেলুৱা, চেঙেলীবাৰী অঞ্চলত প্ৰায় ৩৫০টা পৰিয়ালক সাংসদ তপন কুমাৰ গগৈৰ আহ্বানত খাদ্য সামগ্ৰী প্ৰদান কৰা হয় বুলি জানিবলৈ দিয়ে শিৱসাগৰ জিলা বিজেপিৰ সভানেত্ৰী সুৰভি ৰাজকুঁৱৰীয়ে।

আজিৰ কাৰ্যসূচীত সাংসদ তপন কুমাৰ গগৈৰ ব্যক্তিগত সচিব যোগেশ গগৈ, শিৱসাগৰ জিলা বিজেপিৰ সভানেত্ৰী সুৰভি ৰাজকুঁৱৰী, খেলুৱা মণ্ডলৰ সভাপতি ৰুবুল বৰা, পুলিন দাস, সমীৰণ বৰদলৈকে ধৰি বহু বিজেপি কৰ্মীয়ে অংশগ্ৰহণ কৰে।