NORTHEAST NOW (Assamese)
অসম

শ্বাসৰুদ্ধকৰ Video|| হাওৰা ব্ৰিজত ওলমিলগৈ অসমৰ যুৱক

Posted by: এন ই নাও নিউজ January 12, 2019 5:35 pm
guwahati-man-rescued-from-howrah-bridge-reunited-with-his-family

বহু ঘণ্টাজোৰা অভিযানৰ পিছত ক’লকাতাৰ হাওৰা ব্ৰিজত ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱা যুৱকজন গুৱাহাটীৰ হেমন্ত গগৈ বুলি চিনাক্ত কৰা হৈছে আৰু শুকুৰবাৰে মাকৰ সৈতে তেওঁৰ পুনৰ মিলন ঘটিছে।

যুৱক জনৰ পৰিচয় উদ্ধাৰৰ পিছত আৰক্ষীৰ সহায়ত ক’লকাতাৰ নেচনেল মেদিকেল কলেজ আৰু হস্পিতেলত চিকিৎসাধীন গগৈক পুনৰ পাবলৈ সক্ষম হয় মাক আৰু আত্মীয়।

বহু ঘণ্টাজোৰা যুটীয়া প্ৰচেষ্টাৰে ক’লকাতা আৰক্ষী, দুৰ্য্যোগ প্ৰশমন বিভাগ আৰু অগ্নিনিৰ্বাপক বিভাগে যুৱকজনক যোৱা শনিবাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

কিন্তু প্ৰথম অৱস্থাত তেওঁ আৰক্ষীক পৰিয়ালৰ কোনো যোগাযোগ নম্বৰ দিব পৰা নাছিল।

“চিকিৎসা চলি থকা অৱস্থাত তেওঁ আমাক মাক আৰু ভায়েকৰ ফ’ন নম্বৰ মনত পেলাবলৈ সক্ষম হয়। আৰু সেই অনুসৰি আমি তেওঁলোকৰ লগত যোগাযোগ কৰো। ভাল লাগিছে যে আমি তেওঁৰ পৰিয়ালটোৰ শুংসূত্ৰ পাবলৈ সক্ষম হ’লো,” কেলকাতা নেচনেল মেদিকেল কলেজ আৰু হস্পিতেলৰ মানসিক ৰোগ বিভাগৰ মুৰব্বী ডাঃ শ্ৰিজিত ঘোষৰ উদ্ধৃতিৰে এই বাতৰি টাইমছ অৱ ইন্দিয়া-ৰ।

চিকিৎসকৰ মতে যুৱকজনে মানসিক ভ্ৰমত ভুগিছে আৰু এন্তি-চাইক’তিক (anti-psychotic) দৰৱেৰে তেওঁৰ চিকিৎসা চলাই থকা হৈছে।

আত্মহত্যাৰ বাবেই যুৱকজনে ৰে’লিঙত ওলমিছিল বুলি আৰক্ষীয়ে ধাৰণা কৰিছে। কিন্তু হাওৰালৈ কিয় আহিছিল, ক’লৈ যাব খুজিছিল একো প্ৰশ্নৰে সঠিক উত্তৰ দিব পৰা নাছিল যুৱকজনে।

অতি ব্যস্ত হাওৰা দলঙৰ আত্মহত্যা প্ৰতিৰোধী ৰে’লিঙত এসপ্তাহ পূৰ্বে ওলমি থকা অৱস্থাত গুৱাহাটীৰ যুৱকজনক দেখাৰ পিছতে জনবহুল নগৰখনত হুলস্থূলৰ সৃষ্টি হৈছিল।