NORTHEAST NOW (Assamese)
অসম

বিধেয়ক বাতিলৰ দাবীত বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ

Posted by: উত্তম শইকীয়া January 12, 2019 4:47 pm
বিধেয়ক বাতিলৰ দাবীত বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যখনৰ চৌদিশে ৰাজপথত আহি ছাত্ৰ-ছাত্ৰীসকলে উত্তাল পৰিৱেশ সৃষ্টি কৰাৰ সমান্তৰালভাৱে আজি বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলও জাতিদ্ৰোহী বিধেয়কৰ বিৰোধিতা কৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।

মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নেতৃত্বত শ্ৰেণী কোঠা বাদ দি ওলাই অহা এই ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদী সমদলেৰে বোকাখাত নগৰৰ মাজমজিয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিৱেশ উত্তাল কৰি তোলে।

কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধায়ক গৃহীত কৰিবলৈ দিয়া নহ’ব বুলি কৈ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে ‘মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু প্ৰধান মন্ত্ৰী মুৰ্দাবাদ, বিজেপি গ’ বেক’ আদি ধ্বনিৰে ৰাষ্ট্ৰীয় পথতে বহি পৰে। পিছত বোকাখাতৰ মহকুমা দণ্ডাধীশৰ হাতত ভাৰতৰ ৰাষ্ট্ৰপতিলৈ বুলি বিতৰ্কিত বিধায়ক বাতিলৰ দাবী জনাই এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ আজিৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবহাদী কাৰ্যসূচীৰ ফলত ৩৭ নং ৰাষ্ট্ৰীয় পথত যান বাহনৰ চলাচল বন্ধ হৈ পৰে।