NORTHEAST NOW (Assamese)

জে এম চিলৈ উভটি নাহিল প্ৰাণৰ মায়াত উভটি যোৱা ৪০ জন কাৰ্বি চাফাই কৰ্মী

June 26, 2018 9:13 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

সমগ্ৰ ৰাজ্য তথা দেশ কঁপোৱা ‘ডকমকা কাণ্ড’ৰ পাছতে প্ৰাণৰ মায়াত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অস্থায়ীভাৱে কৰ্মৰত প্ৰায় ৪০ জন কাৰ্বি যুৱকে চাকৰি এৰি গৃহাভিমুখী হয়। আৰক্ষীৰ নিৰাপত্তাৰ আশ্বাসতো আশ্বস্ত নহৈ ঘৰলৈ ঘূৰি যোৱা এই যুৱকসকল বৰ্তমানলৈকে উভটি অহা নাই কৰ্মথলীলৈ।

উল্লেখ্য যে যোৱা ৮ জুনৰ নিশা কাৰ্বি আংলঙৰ ডকমকাৰ কাংথিলাংছ’ জলপ্ৰপাতৰ ওচৰত একাংশ উন্মত্ত লোকে গুৱাহাটীৰ দুই প্ৰতিভা সম্পন্ন নীলোৎপল দাস আৰু অভিজিৎ নাথ নামৰ যুৱকক হত্যা কৰাৰ পাছতেই ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ। আৰু ইয়াৰ প্ৰভাৱ যোৰহাটতো পৰে যাৰ ফলত মেডিকেলত কৰ্মৰত এই কাৰ্বি যুৱকসকলে কৰ্মস্থলী এৰি ঘৰলৈ যাবলগীয়া হয়।

উল্লেখ্য যে উক্ত ঘটনা সংঘটিত হোৱাৰ পাছত যোৰহাট মেডিকেল কলেজত আৰক্ষী প্রশাসন সষ্টম হৈ থকাৰ পাছতো একাংশ অজ্ঞাত লোকে যোৰহাট মেডিকেল কলেজৰ চৌহদত কার্বি চাফাই কর্মীসকলক ভীতি প্রদর্শন কৰি শীঘ্রেই সেই স্থান ত্যাগ কৰিবলৈ ভাবুকি প্ৰদান কৰে, অন্যথা প্ৰাণে মৰাৰ হুংকাৰ প্ৰদান কৰে। যাৰ ফলত প্ৰাণৰ মায়াত চাকৰি এৰি পলায় যাবলগীয়া হৈছিল কাৰ্বি আংলঙৰ যুৱকসকল।

উল্লেখ্য যে ঠিকাদাৰৰ অধীনত কৰ্মৰত কাৰ্বি আংলঙৰ এই যুৱককেইজনে ‘ডকমকা কাণ্ড’ৰ বাবেই হেৰুৱাবলগীয়া হ’ল উপাৰ্জনৰ পথ। কিছু সংখ্যক দানৱৰূপী মানৱৰ বাবে এতিয়া কাৰ্বি আংলঙৰ নিৰীহ যুৱক-যুৱতী তথা ছাত্ৰ-ছাত্ৰীসকলে ভোগ কৰিবলগীয়া হৈছে যন্ত্ৰনা।

মন কৰিবলগীয়া যে যোৰহাট মেডিকেল কলেজৰ চৌপাশত এখন আৰক্ষী থানা থকা সত্ত্বেও কিদৰে কোনো অজ্ঞাত দুৰ্বৃত্তৰ দলে মেডিকেলত প্ৰৱেশ কৰি ৪০ গৰাকীকৈ কার্বি চাফাই কর্মীক ভাবুকি দিবলৈ পালে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।

Related News