NORTHEAST NOW (Assamese)

জোনাই নিৰ্বাচনী বিষয়াৰ কাণ্ড : বিজেপিৰ টিকটৰ সকলো প্ৰাৰ্থীক ‘নিৰ্দলীয়’ ঘোষণা

November 19, 2018 6:48 pm · প্ৰফুল্ল কামান
Updated: November 19, 2018 6:57 pm
জোনাই নিৰ্বাচন বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ বিজেপি কৰ্মী-সমৰ্থকৰ। ফটো : প্ৰফুল্ল কামান।

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপি দলৰ টিকটত মনোনয়ন দাখিল কৰা প্ৰাৰ্থীক ‘নিৰ্দলীয় প্ৰাৰ্থী’ বুলি ঘোষণা কৰি এক অদ্ভুত দৃষ্টান্ত স্থাপন কৰাৰ লগতে প্ৰাৰ্থী আৰু সমৰ্থকৰ ৰোষৰ সন্মুখীন হৈছে জোনাই নিৰ্বাচনী বিষয়া। আজি ‘নিৰ্দলীয় ঘোষিত’ প্ৰাৰ্থী আৰু তেওঁলোকৰ সমৰ্থকে জোনাই মহকুমা বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

জোনাইৰ নিৰ্বাচনী বিষয়াগৰাকীয়ে বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ঘোষণা কৰিবলৈ ক’ত অধিকাৰ পালে বুলি প্ৰশ্ন তোলে প্ৰতিবাদকাৰী বিজেপিৰ কৰ্মী-সমৰ্থকে। তেওঁলোকে অভিযোগ কৰে যে জোনাই নিৰ্বাচনী বিষয়াগৰাকীয়ে নিৰ্বাচন আয়োগৰ নীতি-নিয়মৰ পৰিৱৰ্তে ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ নিৰ্দেশ মানিহে কাম কৰিছে।

আনহাতে জোনাই নিৰ্বাচনী বিষয়াৰ সূত্ৰই কয় যে তেওঁলোকে ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ পৰা দলটোৰ প্ৰাৰ্থীসকলৰ মনোনয়ন বাতিল কৰিবলৈ পত্ৰ পাইছে। এই পত্ৰই তেওঁলোকক বিজেপিৰ টিকটত  প্ৰাৰ্থিত্ব দিয়া প্ৰাৰ্থীকেইজনক নিৰ্দলীয় হিচাপে ঘোষণা কৰিবলৈ বাধ্য কৰিলে।

উল্লেখযোগ্য যে মিচিং সমাজৰ মাজত পোতন থকা সন্মিলিত গণশক্তি নামৰ ক্ষুদ্ৰ আঞ্চলিক দলটোৰ সৈতে মিত্ৰতা কৰি বিজেপিয়ে মিচিং অধ্যুষিত অঞ্চলত, বিশেষকৈ জোনাইত সকলো পদ দলটোক এৰি দিছে। ইয়াকে লৈ ১৮ নৱেম্বৰত ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে দলৰ ক্ষুব্ধ কৰ্মী-সমৰ্থকে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিজেপিৰ জোনাইৰ কাৰ্য্যালয় লণ্ডভণ্ড কৰিছিল। লগতে বয়বস্তুও জ্বলাই দিছিল। দলটোৰ জিলা সভানেত্ৰী ৰূপা কামানৰ ঘৰতো বিজেপি কৰ্মী-সমৰ্থকসকলে শিল দলিয়াই আক্ৰমণ কৰিছিল।

এই সন্দৰ্ভত জিলা সভানেত্ৰী ৰূপা কামানে স্পষ্ট কৰিছে যে বিষয়টোত তেওঁৰ কৰিব লগীয়া একো নাই। এয়া ৰাজ্যিক নেতৃত্বৰ সিদ্ধান্ত। “কেইজনমানক টিকট জিলা কমিটীৰ পৰা দিয়া হৈছিল। কিন্তু সন্মিলিত গণশক্তিৰ সৈতে হোৱা মিত্ৰতাৰ খাতিৰত ৰাজ্যিক নেতৃত্বই সেইকেইজনৰো প্ৰাৰ্থিত্ব বাতিল কৰিছে।” ৰূপা কামানে কয়।

Related News