NORTHEAST NOW (Assamese)

ঝালেও ৰিঅ’ বিনা প্ৰতিদ্বন্দ্বিতাৰে নাগালেণ্ড বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচিত

March 25, 2018 8:29 pm · এন ই নাও নিউজ

মনোনয়নপত্ৰ দাখিলৰ বাবে ২৪ মাৰ্চ অন্তিম দিন আছিল যদিও দিনটোৰ শেষ পৰ্য্যন্ত আন কোনো দলেই প্ৰাৰ্থী নিদিয়াত এন ডি পি পিৰ বিধায়ক ঝালেও ৰিঅ’ নাগালেণ্ড বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচিত হোৱাটো এক প্ৰকাৰৰ নিশ্চিত হৈছে।

নাগালেণ্ড বিধানসভা সচিবালয়ৰ সূত্ৰই কয় যে মনোনয়নপত্ৰ দাখিলৰ বাবে ২৪ মাৰ্চৰ দুপৰীয়া ১২ বজা অন্তিম সময় আছিল। আৰু মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ সময়সীমা আছিল উক্ত দিনৰে ১ বজাৰ পৰা ৪ বজালৈ।

সূত্ৰটোৱে জনোৱামতে উপাধ্যক্ষ পদটোৰ বাবে নিৰ্বাচন অহা ২৬ মাৰ্চত অনুষ্ঠিত হ’ব।

অৱশ্যে একমাত্ৰ প্ৰাৰ্থী হোৱা বাবে এই সন্দৰ্ভত কেৱল আনুষ্ঠানিক ঘোষণাহে বাকী আছেগৈ।

মন কৰিব লগীয়া যে ঝালেও হ’ল মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ৰ ভায়েক। প্ৰাক্তন আই এ এছ বিষয়া ঝালেও ঘাচপানী-২ সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছে। তেওঁ ২০১৩ চনতো উক্ত সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।

উল্লেখযোগ্য যে ইতিপূৰ্বে এন ডি পি পিৰ ভিখৌ য়োছু নাগালেণ্ডৰ ত্ৰয়োদশ বিধানসভাৰ অধ্যক্ষ নিৰ্বাচিত হৈছিল। তেওঁ এন পি এফ দলৰ বিধায়ক ড০ ইমতিয়াপাং আয়েৰক ৬টা ভোটৰ ব্যৱধানত হৰুৱাই অধ্যক্ষ নিৰ্বাচিত হৈছিল।

Related News