NORTHEAST NOW (Assamese)
অসম

টংলাত পঞ্চম প্রাইজমানি বেডমিন্টন প্ৰতিযোগিতাৰ সামৰণি

Posted by: চাজিদ খান February 6, 2018 10:12 am
Tangla-badminton-570x320

যোৱা ১ ফেব্ৰুৱাৰীৰ পৰা টংলা বেডমিন্টন এছোচিয়েশ্যনৰ ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰাইজমানি বেডমিন্টন প্ৰতিযোগিতাৰ পঞ্চম সংস্কৰণৰ সামৰণি পৰিছে।

ভেৰগাঁৱৰ মহকুমা বিষয়া (অসামৰিক) দিঠকানন্দ হাজৰিকাই উদ্বোধন কৰা প্ৰতিযোগিতাখনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ১২১ গৰাকী বেডমিন্টন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল।

দেওবাৰে সন্ধিয়া প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলকেইখন অনুষ্ঠিত হৈছিল।

পুৰুষৰ দ্বৈত শাখাত ডন বসুমতাৰী আৰু পংকৰাজ দেউৰীয়ে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে আৰু নগদ ১৫,০০০ টকা লাভ কৰে।

পুৰুষৰ দ্বৈত শাখাত ৰাণাৰ্ছ আপৰ খিতাপ লাভ কৰা অমিত সাহা আৰু ইৰেংবাম য়েইটম্বাই ট্ৰফীৰ লগতে নগদ ৮,০০০ টকা লাভ কৰে।

প্ৰসিদ্ধ খেলুৱৈৰ পুৰুষৰ দ্বৈত শাখাত বি কে পেগু আৰু প্ৰসন্ন টায়ে চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰে। তেওঁলোকে ট্ৰফীৰ সৈতে নগদ ১০,০০০ টকাৰ পুৰস্কাৰ লাভ কৰে।

আনহাতে, প্ৰসিদ্ধ খেলুৱৈৰ পুৰুষৰ দ্বৈত শাখাত ৰাণাৰ্ছ আপৰ খিতাপ অৰ্জন কৰে সোমেশ্বৰ ভূঞা আৰু বলে বসুমতাৰীয়ে। তেওঁলোকে ট্ৰফীৰ লগতে নগদ ৫,০০০ টকা লাভ কৰে।

প্ৰতিযোগিতাখন জুনিয়ৰ, চাব-জুনিয়ৰ আৰু মহিলা শাখাতো অনুষ্ঠিত হৈছিল।

চূড়ান্ত খেলসমূহ সম্পন্ন হৈ যোৱাৰ পিছত এটি বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। আয়োজক কমিটিৰ সমন্বয়ক দিগন্ত ৰাভাই এই তথ্য জানিবলৈ দিয়ে।