NORTHEAST NOW (Assamese)

টংলা অসামৰিক চিকিৎসা কেন্দ্ৰত নাই পৰ্যাপ্ত চিকিৎসা সুবিধা

February 19, 2018 8:20 pm · ছাজিদ খান

ওদালগুৰি জিলাৰ ৩০ খন বিছনাযুক্ত টংলা অসামৰিক চিকিৎসা কেন্দ্ৰৰ অৱস্থাই গাঁৱলিয়া অঞ্চলত স্বাস্থ্য খণ্ডৰ বিকাশ হৈছে বুলি অসম চৰকাৰে কৰা দাবীক অসাৰ প্ৰতিপন্ন কৰিছে।

প্ৰাপ্ত তথ্য মতে চিকিৎসা কেন্দ্ৰটোত চিকিৎসকৰ অনুপস্থিতি আৰু দায়িত্বত গাফিলতিৰ অভিযোগ তুলি বিভিন্ন সময়ত ৰাইজে ক্ষোভ প্ৰকাশ কৰি আহিছে।

আজি ঘটা এক অনুৰুপ ঘটনাত চিকিৎসা কেন্দ্ৰটোত ভৰ্তি হৈ থকা ৭ গৰাকী ব্যক্তিৰ পৰিয়ালৰ লোকে অধীক্ষকৰ অনুপস্থিতি আৰু দায়িত্বত থকা চিকিৎসক বিশ্বজিত ওঝাই লোককেইজনৰ চিকিৎসাৰ ক্ষেত্ৰত গাফিলতি কৰাৰ অভিযোগ তুলি এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে।

উল্লেখ্য যে দেওবাৰে আবেলি টংলা পেৰিশ বাৰ্ষিক সভাৰ পৰা ৰোমান-কেথলিক ভক্ত তুলি অনা এখন গাড়ী পানেৰিৰ ওচৰত দূৰ্ঘটনাগ্ৰস্ত হৈছিল।

অভিযোগ অনুসৰি, দূৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত লোককেইজনক বিছনা চাদৰ, গাৰু আদি প্ৰদান নকৰি শুদা কইৰৰ পাতিত শোৱাই ৰখা হৈছিল।

এই বিষয়ে চিকিৎসা কেন্দ্ৰটোৰ অধীক্ষক ডা০ বিজয় কুমাৰ চক্ৰবৰ্তিক অভিযোগ কৰাত তেওঁ ওলোটাই কেন্দ্ৰটোত বিছনা চাদৰ আৰু গাৰুৰ যোগান শেষ হৈ যোৱাৰ সেতুকে ৰোগিসকলে গাৰু আৰু বিছনা চাদৰ লগত লৈ আনিব লাগে বুলি মন্তব্য কৰে।

চিকিৎসকৰ এনে আচৰণত ক্ষোভিত হৈ পৰা ৰোগিকেইজনৰ পৰিয়ালৰ লোকে চিকিৎসা কেন্দ্ৰটোত আজি এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে।

অসম চৰকাৰে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নয়ণৰ প্ৰচাৰ চলাই অহাৰ বিপৰীতে টংলা অসামৰিক চিকিৎসা কেন্দ্ৰৰ দেওলীয়া অৱস্থা তথা চিকিৎসকৰ হেমাহিয়ে ৰাজ্যখনৰ চিকিৎসা খণ্ডৰ প্ৰকৃত স্বৰুপ ওদঙাই তুলিছে।

Related News